ঊষা মংগেশকাৰলৈ অসম সাহিত্য সভাৰ ড॰ ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা-২০২২

বিশিষ্ট গায়িকা ঊষা মংগেশকাৰলৈ অসম সাহিত্য সভাৰ ড॰ ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা-২০২২।

শুকুৰবাৰে অসম সাহিত্য সভাৰ এখন সংবাদমেলত এই কথা সদৰি কৰে সভাপতি কুলধৰ শইকীয়াই।

২২ নৱেম্বৰত মহানগৰীত থকা নেডফি হাউচত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্টিত কৰা হ’ব।

এই বৰ্ষৰ ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা আগবঢ়োৱা হ’ব কণ্ঠশিল্পী ঊষা মংগেশকাৰক।

কণ্ঠশিল্পী গৰাকীক দিব লগীয়া ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটাত থাকিব ৫ লাখ টকাৰ চেক, স্মাৰক, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা

এক আড়ম্বপূৰ্ণ অনুষ্ঠানত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে এই বঁটা প্ৰদান কৰিব।

উল্লেখ্য, নুমলীগড় শোধনাগাৰ লিমিটেডৰ সহযোগত ২০১৩ খ্ৰীষ্টাব্দৰ পৰা প্ৰত্যেক দুবছৰৰ মূৰে মূৰে এই বঁটা প্ৰদান কৰি অহা হৈছে।

উল্লেখ্য যে, ড॰ ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা-২০২২-ৰ নিৰ্বাচনৰ বাবে অসম সাহিত্য সভাই এখন নিৰ্বাচনী সমিতি গঠন কৰি দিছিল ৷ এই নিৰ্বাচনী সমিতিয়ে কেবাগৰাকী স্বনামধন্য শিল্পীক বঁটাৰ বাবে মনোনয়ন দিছিল ৷

কিন্তু শেষ মুহূৰ্তত হিন্দী, মাৰাঠী, কানাড়া, নেপালী, ভোজপুৰী, গুজৰাটী আৰু অসমীয়া ভাষাৰ গীততো কণ্ঠদান কৰি সমন্বয়ৰ বাৰ্তা কঢ়িওৱা আৰু ড॰ ভূপেন হাজৰিকাৰ লগত সুসম্পৰ্ক থকা প্ৰখ্যাত গায়িকা ঊষা মংগেশকাৰকেই এই বঁটাৰ বাবে নিৰ্বাচন কৰা হয়।

 ড॰ ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা লাভ কৰা প্ৰখ্যাত ব্যক্তিসকল হ’ল– লুবনা মৰিয়ম (বাংলাদেশ-২০১৩), অদূৰ গোপালকৃষ্ণ (কেৰেলা-২০২৫), প্ৰসন্ন ভিঠানাগে (শ্ৰীলংকা-২০১৭) আৰু এৰিক খু (ছিংগাপুৰ-২০১৯) ৷