উৎকোচ লৈ জে’ললৈ গ’ল আৰক্ষী বিষয়া, মধ্যভোগী ৪ দিনৰ আৰক্ষীৰ জিম্মাত

নিউজ ডেস্ক। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ লগতে সকলাে বিভাগতে দুৰ্নীতি প্ৰতিৰােধৰ ক্ষেত্ৰত কঠােৰ ব্যৱস্থা হাতত লৈছে।

কিন্তু ইয়াৰ পাছতে গা লৰা নাই একাংশ ঘােচখােৰ বিষয়া-কৰ্মচাৰীৰ।

বিগত দিনকেইটাত ইজনৰ পাছত সিজন চৰকাৰী বিষয়া-কৰ্মচাৰী উৎকােচ লৈ গ্ৰেপ্তাৰ হােৱাৰ পাছত এইবাৰ উৎকােচ লৈ গ্ৰেপ্তাৰ হ’ল এজন আৰক্ষী বিষয়া।

এই বিষয়াজন হৈছে হােজাইৰ ডবকা আৰক্ষীৰ থানাৰ উপ-পৰিদৰ্শক হৰিকমল দাস।

জানিব পৰা মতে, কিছুদিন পূৰ্বে ডবকা চাংমাজিৰ আব্দুল নুৰ নামৰ এজন লোকৰ ই-ৰিক্সা দুৰ্ঘটনাত পতিত হৈছিল। উক্ত ঘটনাৰ পাছত ৰিক্সাখন মোকলাই দিয়াৰ নামত উৎকোচ লৈছিল বিষয়াজনে।

এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হােৱাৰ পাছতে নিলম্বন কৰাৰ লগতে গ্ৰেপ্তাৰ কৰা হৈছিল আৰক্ষী বিষয়াজনক।

বিষয়াজনক আদালতত হাজিৰ কৰাৰ পাছতে জে’ললৈ নিক্ষেপ কৰা হয়।

লগতে মধ্যভোগী মিথুন চক্ৰৱৰ্তীক চাৰি দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে আদালতে।

শুকুৰবাৰে ডবকা থানাৰ আৰক্ষী সহপৰিদৰ্শক হৰিকমল দাসক নিলম্বন কৰি গ্ৰেপ্তাৰ কৰে ডবকা আৰক্ষীয়ে।

মধ্যভোগী মিথুন চক্ৰৱৰ্তীকো গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে আৰক্ষীয়ে।

ই-ৰিক্সা চালক আব্দুল নুৰৰ এজাহাৰৰ ভিত্তিত তদুয়োকে গ্ৰেপ্তাৰ কৰি ডবকা আৰক্ষীয়ে শংকৰদেৱ নগৰৰ আদালতত হাজিৰ কৰায়।

দুয়োকে শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰে যদিও আৰক্ষী উপ-পৰিদৰ্শকজনক আদালতে ন্যায়িক জিম্মালৈ আৰু মিথুনক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Comment