নিউজ ডেস্ক। আৰক্ষীৰ জালত পৰিল ‘কহিনুৰ’!
দীৰ্ঘদিনে ঘৰৰ গােহালিতে নামী-দামী ব্ৰেণ্ডৰ প্ৰসাধন সামগ্ৰীৰ নকল প্ৰস্তুত কৰি অৱশেষত আৰক্ষীৰ জালত পৰিল ‘কহিনুৰ’ আলী।
উল্লেখ্য যে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ নাৰায়ণপুৰত শনিবাৰে নলবাৰী আৰু মুকালমুৱাআৰক্ষীয়ে যুটীয়া অভিযান চলাই অবৈধভাৱে প্ৰস্তুত কৰা বৃহৎ পৰিমাণৰ প্ৰসাধন সামগ্ৰীসহ কহিনুৰ আলীক আটক কৰিবলৈ সক্ষম হয়।
অভিযানকাৰী আৰক্ষীৰ দলে নাৰায়ণপুৰত মজুত কৰি ৰখা তিনিহাজাৰ পেকেট নকল বৰোপ্লাছ জব্দ কৰে।
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, নাৰায়ণপুৰৰ কহিনুৰ আলী নামৰ লোকজনে দীৰ্ঘদিন ধৰি নিজৰ গোহালিত অবৈধভাৱে প্ৰস্তুত কৰি আহিছিল বৰোপ্লাছ।
Nalbari Police busted one illegal factory of duplicate Boro plus antiseptic cream & Nabaratna hair oil today in Mukalmua PS area and recovered 3000 nos of duplicate Boro plus worth of Rs 1.2Lakh and many packing materials and equipments.@assampolice @DGPAssamPolice @gpsinghips pic.twitter.com/CZbEZQuZCo
— Nalbari Police (@nalbari_police) November 27, 2021
আৰক্ষীৰ দলটোৱে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কহিনুৰ আলীৰ গোহালি ঘৰটোত মজুত ৰখা প্ৰসাধন সামগ্ৰীখিনিৰ লগতে প্ৰস্তুত কাৰ্যত ব্যৱহৃত বহু সা-সঁজুলি উদ্ধাৰ কৰে।
আৰক্ষীৰ দলটোৱে ধৃত কহিনুৰৰ পৰা নতুনকৈ তাৰিখ, মূল্য আদি প্ৰিণ্ট কৰা মেচিন এটা, ছীল মৰা মেচিন এটা, জ্বালাই কৰা সঁজুলি এডালৰ লগতে প্ৰস্তুত কাৰ্যত ব্যৱহাৰ কৰা বহু সা-সামগ্ৰীও জব্দ কৰে।
উদ্ধাৰ কৰা সামগ্ৰীখিনিৰ বজাৰ মূল্য প্ৰায় এক লাখ বিশ হাজাৰ টকা হ’ব।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল