উদণ্ড প্ৰেমিকৰ উদ্ভণ্ডালিঃ তেজপুৰৰ কন্যা বিদ্যালয়ত শিক্ষকসহ কেইবাগৰাকীও ছাত্ৰীক আক্ৰমণ…

ধেমাজিৰ পাছত এইবাৰ তেজপুৰৰ কন্যা বিদ্যালয়ত উদণ্ড প্ৰেমিকৰ উদ্ভণ্ডালি।

বিদ্যালয়ৰ ভিতৰতে শিক্ষকসহ কেইবাগৰাকীও ছাত্ৰীক আক্ৰমণ উদণ্ড প্ৰেমিকৰ।

তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে।

এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, সোমবাৰৰ দিনৰ প্ৰায় ১.৩০ মান বজাত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়তে এই আক্ৰমণৰ ঘটনা সংঘটিত হয়।

উল্লেখ্য যে, দীপাংকৰ বৰুৱা (১৮) নামৰ তেজপুৰ গৰৈমাৰীৰ যুৱকজনে বিদ্যালয়খনৰে একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ সৈতে বিদ্যালয়ৰ সমপোছাকত পদুম পুখুৰীৰ পাৰত ছেল্ফি উঠি আছিল।

এই দৃষ্টিকটু দৃশ্য প্ৰত্যক্ষ কৰি কন্যা বিদ্যালয়খনৰ সাধাৰণ সম্পাদিকা সহ একাংশ ছাত্ৰীয়ে আপত্তি কৰে।

ফলত উদণ্ড প্ৰেমিক দীপাংকৰে আক্ৰমণ কৰে সাধাৰণ সম্পাদিকা সহ কেইবাগৰাকীও ছাত্ৰীক।

গুৰুত্বভাৱে আহত দুগৰাকী ছাত্ৰীক চিভিল হাস্পতালত ভৰ্তি কৰোৱা হয়।

আনকি উদণ্ড যুৱকজনে বিদ্যালয়খনৰ ভিতৰলৈ প্ৰৱেশ কৰিও এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰে।

ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে উদণ্ড প্ৰেমিক দীপাংকৰক।

Leave a Comment