উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ শিক্ষাৰ্থীলৈ ৩৫,৮০০খন স্কুটী বিতৰণ কৰিব ৰাজ্য চৰকাৰে, কেবিনেটৰ সিদ্ধান্ত…

জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।

কেবিনেট বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সংবাদমেলযোগে সদৰি কৰে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুই।

সংবাদমেলত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে প্ৰজ্ঞা ভাৰতী আঁচনিৰ অধীনত অসম চৰকাৰে উচ্চতৰ মাধ্যমিকত প্ৰথম স্থান পোৱা ছাত্ৰী আৰু ৭৫ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰৰ মাজত ৩৫,৮০০খন স্কুটী বিতৰণ কৰিব বুলি প্ৰকাশ কৰে।

ৰাজ্যৰ ২৯,৭৪৮ গৰাকী ছাত্ৰী আৰু ৬০৫২গৰাকী ছাত্ৰৰ মাজত এই স্কুটী বিতৰণ কৰা হ’ব।

কামৰূপ মেট্ৰ’ৰ পৰা এই বিতৰণ কাৰ্যসূচী ৩০ নৱেম্বৰৰ পৰা আৰম্ভ কৰা হ’ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

লগতে মাইক্ৰ’ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলৰ দ্বিতীয় পৰ্যায়ৰ চেক বিতৰণ কাৰ্যসূচী অহা ২৮, ২৯ আৰু ৩০ অক্টোবৰত অনুষ্ঠিত কৰা হ’ব।

কাজিৰঙাত নিৰ্মাণ হ’ব সম্পূৰ্ণ পঞ্চতাৰকাযুক্ত হোটেল। প্ৰায় ১০০ কোটি টকা ব্যয়ৰে পৰ্যটন বিভাগৰ ভূমিত নিৰ্মাণ হ’ব এই বিলাসী হোটেলখন।

অসম পৰ্যটন নিগমৰ সহযোগত নিৰ্মাণ হ’ব লগা হোটেলখন হায়াট গ্ৰুপে নিৰ্মাণ কৰিব।