উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে জাষ্টিচ চন্দ্ৰচূড়ৰ নাম মনােনীত বৰ্তমানৰ মুখ্য ন্যায়াধীশৰ

নিউজ ডেস্কঃ দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰীপতি ৰূপে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ধনঞ্জয়া ৱাই চন্দ্ৰচূড়ৰ নাম মনোনীত কৰিছে মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে।

মঙলবাৰে দেশৰ মুখ্য ন্যায়াধীশ ইউ ইউ ললিটে তেওঁৰ উত্তৰাধিকাৰীৰূপে জ্যেষ্ঠ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নাম কেন্দ্ৰক পৰামৰ্শ প্ৰদান কৰে।

অহা ৯ নৱেম্বৰত ভাৰতৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হ’বলগীয়া ন্যায়াধীশ চন্দ্ৰচূড়ক তেওঁৰ পৰামৰ্শ পত্ৰৰ প্ৰতিলিপি অৰ্পণ কৰে মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে।

image 86
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে জাষ্টিচ চন্দ্ৰচূড়ৰ নাম মনােনীত বৰ্তমানৰ মুখ্য ন্যায়াধীশৰ 3

উল্লেখ্য যে, অহা ৮ নৱেম্বৰত দেশৰ মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব ন্যায়াধীশ ইউ ইউ ললিতে। তাৰ বাবে যোৱা ৭ অক্টোবৰত মুখ্য ন্যায়াধীশ ললিতলৈ পত্ৰ প্ৰেৰণ কৰি তেওঁৰ উত্তৰাধিকাৰীৰ পৰামৰ্শ বিচাৰিছিল কেন্দ্ৰীয় চৰকাৰে।

মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ২০২৪ চনৰ ১০ নৱেম্বৰলৈ কাৰ্যনিৰ্বাহ কৰিব।

প্ৰণিধানযোগ্য যে, উচ্চ ন্যায়পালিকাত ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰা মেম’ৰেণ্ডাম অৱ প্ৰচিডিউৰ (এমঅ’পি) অনুসৰি বিদায়ী মুখ্য ন্যায়াধীশে আইন মন্ত্ৰালয়ৰ পৰা যোগাযোগ লাভ কৰাৰ পিছত উত্তৰাধিকাৰীৰ নামকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।

image 87
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে জাষ্টিচ চন্দ্ৰচূড়ৰ নাম মনােনীত বৰ্তমানৰ মুখ্য ন্যায়াধীশৰ 4

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ৰূপে মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে মনোনীত কৰা ন্যায়াধীশ চন্দ্ৰচূড়ে ২০১৩ চনৰ ৩১ অক্টোবৰৰ পৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

২০০০ চনৰ ২৯ মাৰ্চৰ পৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি পোৱালৈকে তেওঁ বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৯৮ চনৰ জুন মাহত বোম্বে উচ্চ ন্যায়ালয়ে ন্যায়াধীশ চন্দ্ৰচূড়ক জ্যেষ্ঠ অধিবক্তা হিচাপে নিযুক্তি দিয়ে আৰু ন্যায়াধীশ হিচাপে নিযুক্তি পোৱালৈকে একে বছৰতে তেওঁ অতিৰিক্ত ছলিচিটৰ জেনেৰেল হয়।

নতুন দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা অৰ্থনীতিত অনাৰ্ছৰ সৈতে বি এ সম্পূৰ্ণ কৰাৰ পিছত ন্যায়াধীশ চন্দ্ৰচূড়ে দিল্লী বিশ্ববিদ্যালয়ৰ কেম্পাছ ল চেণ্টাৰৰ পৰা এল এল বি কৰি আমেৰিকাৰ হাৰ্ভাৰ্ড ল স্কুলৰ পৰা এল এল এম ডিগ্ৰী আৰু জুৰিডিকেল ছায়েন্সত ডক্টৰেট (এছজেডি) লাভ কৰে।

তেওঁ উচ্চতম ন্যায়ালয় আৰু বোম্বে উচ্চ ন্যায়ালয়ত আইন চৰ্চা কৰিছিল আৰু মুম্বাই বিশ্ববিদ্যালয়ৰ তুলনামূলক সাংবিধানিক আইন বিভাগৰ অতিথি অধ্যাপক আছিল।

উল্লেখ্য যে, ২০১৬ চনৰ ১৩ মে’ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা ন্যায়াধীশ চন্দ্ৰচূড় হৈছে ১৯৭৮ চনৰ ২২ ফেব্ৰুৱাৰীৰ পৰা ১৯৮৫ চনৰ ১১ জুলাইলৈকে আটাইতকৈ দীঘলীয়া সময়ৰ বাবে ন্যায়পালিকাৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰা মুখ্য ন্যায়াধীশ ৱাই ভি চন্দ্ৰচূড়ৰ পুত্ৰ।