অসম

ইণ্টাৰনেচনেল চিলড্ৰেনছ ৰাইটছ চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘শগুন’

বিশিষ্ট চিত্ৰ নির্মাতা উৎপল বৰপূজাৰীৰ চুটি ছবি ‘শগুন’ ইন্টাৰনেশ্যনেল চিলড্ৰেনছ ৰাইটছ চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে।

তুৰ্কীৰ ইজমিৰ চহৰত অনুষ্ঠিত হ’ব ইন্টাৰনেশ্যনেল চিলড্ৰেনছ ৰাইটছ চলচ্চিত্ৰ মহোৎসৱ।

বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ একে নামৰ চুটি গল্পটোৰ আধাৰত উৎপল বৰপূজাৰীয়ে নিৰ্মাণ কৰিছে ‘শগুন’ নামৰ চুটি ছবিখন।

এই ছবিখন আইএফটি ইণ্ডিয়াই প্ৰযোজনা কৰিছে।

উক্ত মহোৎসৱখনি বছৰি চিলড্ৰেনছ ৰাইটছ কালচাৰেল ফাউণ্ডেশ্যনে শিশুৰ অধিকাৰ সম্পৰ্কত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰি আহিছে।

অহা ১২ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈকে এই মহোৎসৱখনি তুৰ্কীৰ ঐতিহাসিক উপকূলীয় চহৰখনত অনুষ্ঠিত হ’ব।

২১সংখ্যক নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলতো ‘শগুন’ প্ৰদৰ্শিত হৈছিল।

ছৱিখনে গুৱাহাটী চিনে ক্লাবে আয়োজন কৰা ১৩সংখ্যক গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ চুটি ছবিৰ শিতানত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছিল।

এই চুটি ছবিখনত বৰ্তমান যুগৰ সাংবাদিকতাৰ জগতখনক গ্ৰস্ত কৰা দুৰ্নীতি, পক্ষপাত, ভুৱা বাতৰিৰ প্ৰচাৰ আদিক সাৱলীল ৰূপত উত্থাপন কৰা হৈছে।

ৰাজনৈতিক আৰু কৰ্প’ৰেট হাউচসমূহৰ প্ৰভাৱ- ইত্যাদিকো সুন্দৰকৈ তুলি ধৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *