আন্তঃৰাষ্ট্ৰীয়

ইউক্ৰেইনে নিৰ্মাণ কৰা বিশ্বৰ সৰ্ববৃহৎ এয়াৰক্ৰাফট ধ্বংস কৰিলে ৰাছিয়াই…

বিশ্বৰ সৰ্ববৃহৎ এয়াৰক্ৰাফট ধ্বংস কৰিছে ৰাছিয়াই।

ৰাছিয়াৰ আক্ৰমণত ধ্বংস সৰ্ববৃহৎ এয়াৰক্ৰাফট AN-225 Mriya.

কিয়েভত ৰাখি থোৱা অৱস্থাত ৰাছিয়াই ধ্বংস কৰে এয়াৰক্ৰাফটখন।

ইউক্ৰেইনৰ ফালৰ পৰা সদৰী কৰিছে এই কথা।

ইউক্ৰেইনে নিৰ্মাণ কৰিছিল বিশ্বৰ বৃহৎ এয়াৰক্ৰাফটখন।

ৰাছিয়াৰ মিছাইল আক্ৰমণত ধ্বংসস্তূপত পৰিণত এয়াৰক্ৰাফটখন।

Image

ইউক্ৰেইনে নিৰ্মাণ কৰা পণ্যবাহী এই বিমানখন অত্যাধুনিক প্ৰযুক্তিৰে সুসজ্জিত বিশ্বৰ শ্ৰেষ্ঠ নিদৰ্শন হিচাপে পৰিচিত হৈছিল।

ইউক্ৰেইনীয় ভাষাত ‘Mriya’ শব্দৰ অৰ্থ হ’ল স্বপ্ন।

ইউক্ৰইনৰ সংস্থা ‘এন্টোনাভ’য়ে আশীৰ দশকত এই বিমানখন নিৰ্মাণ কৰিছিল।

দেশখনৰ বিদেশ মন্ত্রী ডিমিত্র কুলেবাই জনায় যে, কীয়েভৰ সমীপৰ এটা বিমানবন্দৰক কেন্দ্ৰ কৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ সেনাৰ মাজত চলা প্ৰচণ্ড সংঘৰ্ষৰ সময়তে ৰাছিয়ান বাহিনীৰ মিছাইল আক্ৰমণত হস্তোমেল বিমানবন্দৰত ৰৈ থকা বিমানখন জ্বলি ছাৰখাৰ হৈ পৰে।  

টুইটাৰত বিমানখনৰ ফটোও দিয়া হৈছে। তাত তলত লিখা আছে- ‘বিশ্বৰ বৃহত্তম বিমানখনক তেওঁলোকে জ্বলাই দিলে। কিন্তু আমাৰ ‘স্বপ্ন’ কেতিয়াও ধ্বংস নহয়।

Leave a Reply

Your email address will not be published. Required fields are marked *