ইংৰাজী মাধ্যমৰ শিক্ষা সন্দৰ্ভত জাতীয় সংগঠনৰে শিক্ষামন্ত্ৰী বৈঠক, আলোচনাত নোলাল সমাধান সূত্ৰ

চৰকাৰী বিদ্যালয়ত গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ চৰকাৰী সিদ্ধান্ত লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে বৃহস্পতিবাৰে শিক্ষামন্ত্ৰীৰ সৈতে এক আলোচনাত মিলিত হয় চাৰি জাতীয় সংগঠন।

বৈঠকত সদৌ অসম ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা, অসম সাহিত্য সভাৰ লগতে বড়ো সাহিত্য সভাৰ বিষয়ববীয়াৰ উপস্থিতি থাকে।

অৱশ্যে দুয়োপক্ষৰ আলোচনাত নোলাল কোনো ধৰণৰ সমাধান সূত্ৰ। চৰকাৰী বিদ্যালয়ৰ মাধ্যম বিতৰ্কক লৈ ঐক্যমতত উপনীত হ’ব নোৱাৰিলে আলোচনাকাৰী পক্ষ। চৰকাৰৰ কেবিনেটে লোৱা এই সিদ্ধান্তৰ ওপৰত কোনো সঠিক সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে জাতীয় আৰু জনগোষ্ঠীয় সংগঠনসমূহে।

পৰৱৰ্তী সময়ত পুনৰবাৰ চৰকাৰে দল-সংগঠনৰ সৈতে বৈঠকত মিলিত হৈ এই বিষয়টোৰ সমাধান সূত্ৰ উলিয়াবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

image 137
ইংৰাজী মাধ্যমৰ শিক্ষা সন্দৰ্ভত জাতীয় সংগঠনৰে শিক্ষামন্ত্ৰী বৈঠক, আলোচনাত নোলাল সমাধান সূত্ৰ 2

শিক্ষামন্ত্ৰী পেগুৱে সংবাদ মাধ্যমৰ আগত কয়, ‘সংগঠনসমূহে মাতৃভাষা মাধ্যমত শিক্ষাৰ মান উন্নয়ন কৰি গুণগত শিক্ষা হ’ব লাগে বুলি দাবী জনাইছে। ইংৰাজী ভাষাৰ জ্ঞান দিবলৈ বিকল্প ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে সংগঠনসূহে।

আনহাতে কেবিনেটৰ এই সিদ্ধান্তক অদূৰদৰ্শী আখ্যা দি আছুৰ মুখ্য উপদেষ্টা ড০ সমু্জ্জল ভট্টাচাৰ্যই কয়- ‘কোনো ঐক্যমতত উপনীত হ’ব নোৱাৰিলো। চৰকাৰী সিদ্ধান্ত অবৈজ্ঞানীক, অবিবেকী আৰু অদৰকাৰী। মাতৃভাষাৰ ওপৰত এতিয়া চৌদিশৰ পৰা আক্ৰমণ হৈ আছে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাত হিন্দী ভাষাৰ প্ৰশ্নকাকত দিয়াটো এক প্ৰকাৰ ভাষাৰ ওপৰত আক্ৰমণ। মুঠতে এইখন চৰকাৰে যেনি তেনি দুৱাৰ খুলি দিছে।’

আনহাতে নিখিল বড়ো ছাত্ৰ সন্থাৰ দীপেন বড়োৱে কয়, ‘চৰকাৰৰ লগত আজি আমি মূল বিষয়ত ঐক্যমতত উপনীত হ’ব পৰা নাই। ভাষা আৰু মাধ্যম বিষয়ত আমাৰ স্থিতিত আমি অটল।’