অসমঅসমীয়া

আৰক্ষীৰ জালত পৰিল আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰৰ ৮ সদস্য, উদ্ধাৰ দুখন চাৰি চকীয়া বাহন

নিউজ ডেস্ক। গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ অভিযান।

এইবাৰ মহানগৰীৰ যােৰাবাট আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হ’ল ৮ টাকৈ গাড়ী চুৰি চক্ৰৰ সদস্য। জব্দ কৰা হ’ল দুখনকৈ চাৰি চকীয়া বাহন।

G5 4

জানিব পৰা মতে, গ্ৰেপ্তাৰ কৰা চোৰকেইটা হ’ল- নাৰায়ণ দাস (পশ্চিমবংগ), বিকাশ সৰকাৰ (পশ্চিম বংগ) আৰু ৰিপণ দত্ত (পশ্চিম বংগ), মিঠু চন্দা (গোলাঘাট), সুভম ধৰ (গোলাঘাট), বিকি দত্ত, মেঘালয়ৰ পশ্চিম খাছী হিলছৰ সম্ভলাং সক্তিমী আৰু পূব খাচী হিলছৰ টেংষ্টোৰ নাংগাবিট।

vlcsnap 2022 04 09 13h25m50s696

ধৃত গাড়ীচোৰকেইজনৰ দুজনক কাৰ্বি আংলঙৰ পৰা, দুজনক গোলাঘাটৰ পৰা, দুজনক গুৱাহাটীৰ পৰা আৰু দুজনক বর্ণিহাটৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।

ধৃত গেংটোৰপৰা এখন বলেৰ’ পিক-আপ ভেন আৰু এখন ইক’ স্পৰ্ট কাৰ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

উল্লেখ্য যে জব্দকৃত এ এছ ০১ বি কিউ ৭৬৬৩ নম্বৰৰ ইক’ স্পৰ্ট কাৰখনেৰেই গেংটোৱে দীর্ঘদিন ধৰি গাড়ী চুৰিৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল উক্ত গাড়ী চুৰি চক্ৰটোৱে অতি কৌশলেৰে গাড়ী ভাৰালৈ নি চালকক খাদ্যৰ সৈতে নিচাযুক্ত দ্রব্য মিহলাই অচেতন কৰি গাড়ীসমূহ চুৰি কৰি বিভিন্ন ৰাজ্যলৈ বিক্ৰী কৰি আহিছিল।

লগতে চাওকঃ

চৰকাৰী বিষয়াৰ ভাও লৈ চোৰে চুৰি কৰিলে ৫৫০ টন ওজনৰ লােহাৰ দলং

G1 9

Leave a Reply

Your email address will not be published. Required fields are marked *