ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ অভিযান।
এইবাৰ ৰঙিয়া আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।
প্ৰায় দুই কোটি টকা মূল্যৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।
ধৃত সৰবৰাহকাৰী জন ধুবুৰী জিলাৰ অন্তৰ্গত বিলাসীপাৰাৰ আনোৱাৰ হুছেইন ওৰফে ৰাজু।
গোপন সূত্ৰৰ পম খেদি ৰঙিয়া আৰক্ষীৰ দলে ৰঙিয়াৰ হাইৱে চ’কত এখন বাছৰ পৰা ড্ৰাগছসহ সৰবৰাহকাৰীজনক আটক কৰিবলৈ সক্ষম হয়।
#AssamAgainstDrugs
— Kamrup Police (@KamrupPolice) June 27, 2022
A team of Kamrup Police, acting on an Intel, apprehended a person at Rangia namely Anowar Hussain of Dhubri and seized 262 gms of suspected Heroin.
Legal formalities have already been taken.@assampolice pic.twitter.com/w2HdDOMYPS
অভিযানকাৰী দলটোৱে ধৃত সৰবৰাহকাৰীজনৰ পৰা বাৰটা চাবোনৰ বাকচত ২৬২ গ্ৰাম হেৰ’ইন জব্দ কৰে।
এটা বেগত কঢ়িয়াই অনা ড্ৰাগছখিনি ৰঙিয়াত এজন ড্ৰাগছ ব্যৱসায়ীক বিক্ৰী কৰিবলৈ লোৱাৰ আগমুহুৰ্ততে আৰক্ষীৰ দলটোৱে সৰবৰাহকাৰীজনক হাতে লোটে আটক কৰে।









