অতি মৰ্মান্তিক! সাবটা-সাবটিকৈ উদ্ধাৰ বানপানীয়ে উটুৱাই নিয়া দুই বন্ধুৰ মৃতদেহ…

এক অতি মৰ্মান্তিক ঘটনা!

সাবটা-সাবটিকৈ উদ্ধাৰ বানপানীয়ে উটুৱাই নিয়া দুই বন্ধুৰ মৃতদেহ।

শোণিতপুৰ জিলাৰ হেলেমৰ গমিৰি দিঘলী পথাৰত সংঘটিত হৈছে এই কৰুণ ঘটনা।

দীঘল পুখুৰীত মাছ আৰু চৰাইৰ কণী বিছাৰিবলৈ গৈ সলিল সমাধি ঘটিছিল দুই বন্ধুৰ।

দুয়োকে সাবটা-সাবটিকৈ উপঙি থকা অৱস্থাত উদ্ধাৰ কৰে SDRF ৰ লোক।

দিঘলী পথাৰৰ তপন সৎনামী আৰু সুমন গড় নামৰ যুৱক দুজনে ঘৰৰ কাষৰে দীঘলী পুখুৰীত চৰাই চিকাৰ আৰু মাছ ধৰিবলৈ যোৱাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছিল।

স্থানীয় ৰাইজে বিচাৰ খোচাৰ কৰাত বিলত উপঙি থকা অৱস্থাত মৃতদেহ প্ৰত্যক্ষ কৰি হেলেম আৰক্ষীক খবৰ দিয়ে।

পৰৱৰ্তী সময়ত হেলেম আৰক্ষী আৰু SDRF য়ে দুয়োজনৰে মৃতদেহ দীঘলী পুখুৰীৰ পিটনিৰ পৰা উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণ কৰে।