অসম

আৰক্ষীৰ বৃহৎ সফলতা! চাৰি কোটি টকা মূল্যৰ হেৰ’ইন জব্দ, ৩ জনক আটক…

ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

এইবাৰ ড্ৰাগছৰ ক্ষেত্ৰত গুৱাহাটী আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা।

আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে চাৰি কোটি টকা মূল্যৰ হেৰ’ইন।

শনিবাৰ এই বৃহৎ সফলতা লাভ কৰিছে গুৱাহাটী আৰু কামৰূপ আৰক্ষীয়ে।

এক বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত গুৱাহাটী আৰু কামৰূপ আৰক্ষীয়ে বৰ্ণিহাটৰ সমীপত এখন ট্ৰাকৰ পৰা আধা কিলোগ্ৰাম হেৰ’ইন জব্দ কৰে।

যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নিৰ্দেশনাত চলে এই অভিযান।

ইতিমধ্যে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী ইথেমচা মুছলাম আৰু ৰমেশ চেত্ৰী নামৰ দুজন মণিপুৰৰ লোকক আৰু নংথৌ নামৰ এগৰাকী গ্ৰহণকাৰীক আটক কৰে।

লগতে আৰক্ষীয়ে ট্ৰাক আৰু এখন এল্ট’ গাড়ীও জব্দ কৰা বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *