অসম

আজি দেশজুৰি কৃষক বিজয় দিৱস পালন কৰিব কংগ্ৰেছে…

আজি দেশজুৰি কৃষক বিজয় দিৱস পালন কৰিব কংগ্ৰেছে।

শুক্ৰবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক সম্বোধন কৰি বিতৰ্কিত ৩ কৃষি আইন বাতিলৰ ঘোষণা কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছ।

কৃষক বিজয় দিৱসত কংগ্ৰেছে কিষাণ বিজয় সমদলৰ লগতে কিষাণ বিজয় সভা অনুষ্ঠিত কৰিব।

উল্লেখ্য যে, সুদীৰ্ঘ প্ৰায় ডেৰ বছৰজোৰা কৃষক সকলৰ নিৰৱিচ্ছিন্ন প্ৰতিবাদৰ পাছতে কেন্দ্ৰ চৰকাৰে তিনিওখন কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে জানিব দিয়া অনুসৰি আগন্তুক সংসদৰ শীতকালীন অধিৱেশনতে চৰকাৰে আইন তিনিখন প্ৰত্যাহাৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব।

ইপিনে, কৃষক নেতা ৰাকেশ টিকাইটে যেতিয়ালৈ আনুষ্ঠানিকভাৱে কৃষি আইন তিনিখন প্ৰত্যাহাৰ কৰা নহয় তেতিয়ালৈ আন্দোলন সমাপ্ত নহয় বুলি মন্তব্য কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *