অসম

আৰক্ষীৰ নিলম্বিত উপ মহাপৰিদৰ্শক ৰৌণক আলি হাজৰিকাৰ পুনৰবাৰ জামিন আবেদন নাকচ…

কেন্দ্ৰীয় কাৰাগাৰত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে বৃহস্পতিবাৰে জেৰা কৰিব ৰৌণক আলি হাজৰিকাক।

ইতিমধ্যে পুনৰবাৰ জামিন আবেদন নাকচ কৰা হৈছে অসম আৰক্ষীৰ নিলম্বিত উপ মহাপৰিদৰ্শক ৰৌণক আলি হাজৰিকাৰ৷

মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষৰ আৰক্ষী অধীক্ষক ৰোজি কলিতাই বুধবাৰে জানিবলৈ দিয়ে এই তথ্য৷

আনহাতে মঙলবাৰে ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে অনিল চন্দ্ৰ তালুকদাৰ আৰু পত্নী কণিকা তালুকদাৰৰ 164 ষ্টেটমেণ্ট ৰেকৰ্ড কৰিছে ন্যায়ালয়ে।

2002 চনত অনিল চন্দ্ৰ তালুকদাৰৰ পত্নীৰ নামত থকা ঘৰ মাটি বিক্ৰী কৰিছিল ৰৌণক আলি হাজৰিকাক।

হেঙেৰাবাৰীৰ ঘৰ-মাটি পত্নীৰ নামত ক্ৰয় কৰিছিল নিলম্বিত আই পি এছ বিষয়াজনে।

সেই সময়ত ঘৰ মাটিৰ চৰকাৰী মূল্য আছিল ১৯ লাখ টকা।

ইয়াৰে ১৬ লাখ ৩২ হাজাৰ টকা আদায় দিছিল হাজৰিকাই।

২ লাখ ৬৮ হাজাৰ টকা চেকযোগে দিছিল নিলম্বিত আৰক্ষী বিষয়াজনে। পৰৱৰ্তী সময়ত সেই চেক বাউঞ্চো হৈছিল।

বাউঞ্চ হোৱা চেকৰ ধন বিচাৰি গ’লেই তালুকদাৰ দম্পতিক ভয়-ভাবুকি দিছিল ৰৌণক আলি হাজৰিকাই।

যাৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কাষ চাপিছিল পৰিয়ালটো।

Leave a Reply

Your email address will not be published. Required fields are marked *