আৰক্ষীৰ নামত ধন দাবী কৰি আটক এজন

আৰক্ষীৰ নামত ধন দাবী কৰি আটক এজন।

মঙলবাৰে দৰঙৰ পাথৰিঘাট আৰক্ষী চকীৰ সৰাবাৰী বৰমপুৰৰ পৰা আটক এজন দালাল।

ধৃত লোকজন ঘিলাকুৰি গাঁৱৰ আজিজুৰ ৰহমান।

আটকাধীন দালাল আজিজুৰ ৰহমান পাথৰিঘাট আৰক্ষী চকীৰ অন্তৰ্গত ঘিলাকুৰি গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক।

আজিজুৰে সৰাবাৰী বৰমপুৰ গাঁওৰ প্ৰফুল্ল চহৰীয়াৰ ঘৰত গৈ নিজকে চিনাকী দিছিল আৰক্ষীৰ লোক বুলি।

পাথৰিঘাট আৰক্ষী চকীৰ এটি গোচৰৰ নামত প্ৰফুল্ল চহৰীয়াৰ পৰা দালাল জনে বিছাৰিছিল ৩০ হাজাৰ টকা।

ইয়াৰ পিছতে ৰাইজৰ সহযোগত পাথৰিঘাট আৰক্ষীয়ে আটক কৰে দালালৰূপী আজিজুৰক।

বৰ্তমান লোক জনক সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে।