অসমঅসমীয়া

আৰক্ষীৰ জালত ৩ কুখ্যাত বাইক চোৰ, দুখন চুৰি বাইক উদ্ধাৰ

নিউজ ডেস্ক। বজালী আৰক্ষীৰ জালত পৰিল ৩ কুখ্যাত বাইক চােৰ।

আৰক্ষীৰ অভিযানত লগতে উদ্ধাৰ হ’ল দুখনকৈ চুৰি বাইক।

G01

বজালী জিলাৰ আৰক্ষী অধীক্ষক ধর্মেন্দ্ৰ দাসৰ নেতৃত্বত চলা এই অভিযানত আটক হয় জিলাখনৰ দুই নং টংলাৰ পৰা আব্দুল কৰিম (২৩) আৰু মালিপাৰাৰ অভিজিত মালাকৰ (২৩) নামৰ দুই বাইক চোৰ।

তেওঁলোকৰ পৰা এখন চুৰি বাজাজ পালছাৰ বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী আৰক্ষীৰ দলে।

p1

আটকাধীন চোৰ দুটাক পাঠশালা আৰক্ষী চকীলৈ আনি সোধা-পোছাৰ পিছতে চোৰ দুটাৰ স্বীকাৰােক্তিৰ ভিত্তিত পাঠশালা আৰক্ষীয়ে বৰপেটাৰোডৰ পৰা বিলাসীপাৰাৰ ১৮ বছৰীয়া যুৱক ছাদিকুল ইছলামক আটক কৰাৰ লগতে এখন নম্বৰ প্লেটবিহীন নতুন টিভিএছ আপাচি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *