আৰক্ষীৰ জালত বৃহৎ নাৰী সৰবৰাহকাৰী চক্ৰ, মহিলাসহ ৯ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

আৰক্ষীৰ জালত বৃহৎ নাৰী সৰবৰাহকাৰী চক্ৰ।

বৰপেটাত এগৰাকী মহিলাসহ ৯ জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ।

অসমৰ পৰা নি শিশু-মহিলাক বিক্ৰী কৰিছিল বহিঃৰাজ্যত।

গ্ৰেপ্তাৰ আলেকা বেগম, আখেৰ আলী ওৰফে ৰাহুল, নূৰ মহম্মদ, আনোৱাৰ হুছেইন, ছাদ্দাম হুছেইন, আশ্ৰাফুল আলম, আজাদ হুছেইন, দেলবৰ হুছেইন আৰু জয়নুৰ আলী।

হাৰিয়ানা আৰক্ষীৰ সহযোগত বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চক্ৰটোক।

বৰপেটা-নলবাৰীৰ কেইবাটাও স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে চক্ৰটোক।

নাৰী সৰবৰাহকাৰী চক্ৰটোৰ কেইবাজনেও নিজকে পৰিচয় দিছিল ৰাহুল বুলি।

ৰাহুল নামেৰে পৰিচয় দি একাংশ যুৱতীৰে গঢ়ি তুলিছিল সম্পৰ্ক। প্ৰেমৰ জালত পেলাই বিক্ৰী কৰিছিল হাৰিয়ানাত।

গুৱাহাটীৰ পৰা ৰে’লেৰে প্ৰেৰণ কৰিছিল হাৰিয়ানালৈ। হাৰিয়ানাত ডেৰ লাখৰ পৰা তিনি লাখ টকাত বিক্ৰী কৰিছিল যুৱতী-মহিলাক।

ইতিমধ্যে হাৰিয়ানাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে বৰপেটা, মঙলদৈৰ ২ যুৱতীক।

সংবাদমেলত এই তথ্য সদৰী কৰিছে বৰপেটা আৰক্ষী অধীক্ষকে।