আৰক্ষীৰ ঘোষণা- পলাতক প্ৰধান শিক্ষকৰ সন্ধান দি আপুনিও লাভ কৰিব পাৰে নগদ ১৫ হাজাৰ টকাৰ পুৰস্কাৰ

নিউজ ডেস্কঃ বিদ্যালয়ৰ বিত্তীয় খেলিমেলি আৰু ভুৱা ছাত্ৰৰ নামভৰ্তি গোচৰত অভিযুক্ত এখন বিদ্যালয়ৰ এজন দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষকৰ খবৰ দি আপুনিও লাভ কৰিব পাৰিব নগদ ১৫ হাজাৰ টকাৰ পুৰস্কাৰ।

ইতিমধ্যে পলাতক হৈ থকা দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষক জনক বিচাৰি বাতৰি কাকততো বিজ্ঞাপন প্ৰকাশ কৰিছে কৰিমগঞ্জ আৰক্ষীয়ে। শিক্ষকজনৰ সন্ধান দিয়া জনৰ নাম-ঠিকনা গোপনে ৰাখি নগদ ১৫ হাজাৰ টকাৰে পুৰস্কৃত কৰা হ’ব বুলিও ঘোষণা কৰিছে প্ৰশাসনে।

উল্লেখ্য যে, ভুৱা ছাত্ৰৰ নামভৰ্তিৰে চৰকাৰী ধন আত্মসাৎ কৰা আৰু বিদ্যালয়ৰ বিত্তীয় খেলিমেলিৰ অভিযোগত পথাৰকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল পাথাৰকান্দিৰ আচিমিয়া ছিনিয়ৰ মাদ্ৰাছা (হাইস্কুল)ৰ প্ৰধান শিক্ষক ফকৰুল ইছলামক।

photo1659945917
আৰক্ষীৰ ঘোষণা- পলাতক প্ৰধান শিক্ষকৰ সন্ধান দি আপুনিও লাভ কৰিব পাৰে নগদ ১৫ হাজাৰ টকাৰ পুৰস্কাৰ 2

কিন্তু ৰহস্যজনক ভাৱে গ্ৰেপ্তাৰৰ পিছতে সদৰ থানাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় অভিযুক্ত প্ৰধান শিক্ষকজনক। তাৰ পিছতে আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত চৌদিশ চলাথ কৰিছে যদিও এতিয়াও কোনো সম্ভেদ লাভ কৰা নাই।

যাৰ বাবেই এতিয়া ফকৰুল ইছলামৰ সন্ধান দিওতালৈ ১৫ হাজাৰ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হ’ব বুলি বাতৰি কাকতযোগে বিজ্ঞাপন প্ৰকাশ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে কৰিমগঞ্জৰ বিদ্যালয়য় পৰিদৰ্শকে দাখিল কৰাৰ এজাহাৰৰ ভিত্তিত পাথাৰকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ফকৰুল ইছলাম নামৰ প্ৰধান শিক্ষকজনক।

জানিব পৰা মতে, যে উক্ত বিদ্যালয়খনত সৰ্বমুঠ ছয়জন শিক্ষাৰ্থীয়ে নাম ভৰ্তি কৰিছিল। কিন্তু প্ৰধান অধ্যাপক ফখৰুল ইছলামে ২৫ জন শিক্ষাৰ্থীয়ে নামভৰ্তি কৰা দেখুৱাইছিল। ইয়াৰ পাছতে ২৫ জন শিক্ষাৰ্থীৰ নামত কিতাপ আৰু মধ্যাহ্ন ভোজন পুঁজিও লাভ কৰিছিল।

এই দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ পিছতে প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।