নিউজ ডেস্ক। ৰাজ্যজুৰি অপৰাধী চক্ৰৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ তীব্ৰ অভিযান।
এইবাৰ নলবাৰী আৰক্ষীৰ জালত পৰিল ৫ টা গভাইত চােৰ, জব্দ হ’ল ১২ খন চুৰি বাইক।
জানিব পৰা মতে, নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিণ্টু বৰাৰ নেতৃত্বত নলবাৰী সদৰ থানাৰ আৰক্ষীৰ এটা সজাতি দলে ১২খনকৈ চুৰি বাইক জব্দ কৰিবলৈ সক্ষম হয়।
এই চুৰি বাইকৰ লগতে ৫জনকৈ চোৰক আটক কৰে নলবাৰী সদৰ আৰক্ষীয়ে ।
নলবাৰী আৰক্ষীয়ে এই ১২খন বাইকসহ ৫জন চোৰৰ লগতে চুৰি বাইকৰ কাগজ-পত্ৰ, নম্বৰ প্লেট আৰু অন্য আপত্তিজনক নথিপত্ৰ জব্দ কৰে।
Hardwork of OC, Nalbari PS and IC, Traffic, Nalbari resulted in recovery of 12 nos of stolen 2 wheelers , many RCs of vehicles, Vehicle Number plates etc and arrest of 5 vehicle lifters from various districts during last 10 days. @assampolice @DGPAssamPolice @gpsinghips pic.twitter.com/ai6yQYJuc1
— Nalbari Police (@nalbari_police) August 20, 2021
ইতিমধ্যে, নলবাৰী সদৰ থানা আৰক্ষীয়ে উক্ত চোৰকেইটাক সোধ-পোচ অব্যাহত ৰাখিছে।









