অসম

আৰক্ষীয়ে বিচাৰি নোপোৱা মহাপ্ৰৱঞ্চক মৃদুপৱন নেওগৰ উচ্চ ন্যায়ালয়ত জামিন আবেদন…

আৰক্ষীয়ে বিচাৰি নোপোৱা মহাপ্ৰৱঞ্চক মৃদুপৱন নেওগৰ উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল।

জানিব পৰা মতে, আজি অৰ্থাৎ ১৭ ডিচেম্বৰত তেওঁৰ জামিন আবেদনৰ শুনানি অনুষ্ঠিত হ’ব।

নগাঁৱৰ এক গোচৰৰ ভিত্তিত নগাঁৱ আৰক্ষীয়ে মৃদুপৱনৰ মহানগৰীৰ কাহিলীপাৰাত থকা বাসগৃহত অভিযান চলাইছিল।

সেই অভিযানৰ সময়ত পিষ্টলকে ধৰি বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছিল আৰক্ষীয়ে।

ৰহস্যজনকভাৱে আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল এই প্ৰৱঞ্চকগৰাকীয়ে।

বিভিন্ন ক্ষমতাশালী লোকৰ সৈতে সম্পৰ্ক থকা বুলি প্ৰচাৰ কৰি প্ৰৱঞ্চনাৰ জাল মেলিছিল মৃদুপৱন নেওগ নামৰ প্ৰৱঞ্চকটোৱে।

ইপিনে, শাসকীয় বিজেপি দলৰ ক্ষমতাশালী নেতাৰ সৈতে ঘনিষ্ঠতা ৰখাৰ বাবেই প্ৰৱঞ্চক মৃদুপৱনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই নেকি তাক লৈও প্ৰশ্নৰ অৱতাৰণা হৈছে।

মৃদুপৱনৰ প্ৰৱঞ্চনাৰ বৃহৎ ৰহস্য ফাদিল হোৱাৰ পাছতেই ৰহস্যজনকভাৱে প্ৰৱঞ্চকগৰাকী অন্তৰ্ধান হৈ পৰে।

বহু সফল অভিযানৰ নেতৃত্ব দিয়াৰ কৃতিত্ব দাবী কৰি অহা নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰও মৃদুপৱনৰ সন্ধান উলিওৱাত ব্যৰ্থ।

পিচে, সন্ধানহীন প্ৰৱঞ্চক মৃদুপৱনে আৰক্ষীৰ অলক্ষিতে উচ্চ ন্যায়ালয়ত জামিন বিচাৰি আবেদন দাখিল কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *