আশ্বৰ্যকৰ! নিজৰ অলক্ষিতেই অন্তঃসত্বা হ’ল তামাৰা, আকাশমাৰ্গত বিমানৰ টয়লেটত জন্ম দিলে সন্তান…

নিউজ ডেস্কঃ অন্তঃসত্বা হোৱাৰ কোনো বিশেষ লক্ষণ ধৰা পৰা নাছিল তামাৰা নামৰ মহিলাগৰাকীৰ দেহত।

স্বাভাৱিকতে পেটটো আগতকৈ কিছু উখহি উঠিছিল যদিও সেয়া শৰীৰত অতিৰিক্ত চৰ্বি জমা হোৱা বুলিহে ভাৱি লৈছিল মহিলাগৰাকীয়ে।

কিন্তু আকাশ মাৰ্গত যেতিয়া বিমানৰ টয়লেটত তেওঁ এটি সন্তান প্ৰসৱ কৰে, তাৰ পিছতহে নিজেও হতভম্ব হৈ পৰে তামাৰা।

image 87
আশ্বৰ্যকৰ! নিজৰ অলক্ষিতেই অন্তঃসত্বা হ’ল তামাৰা, আকাশমাৰ্গত বিমানৰ টয়লেটত জন্ম দিলে সন্তান… 4

আচৰিত যেন লাগিলেও এনে এক ঘটনাই সংঘটিত হ’ল নেদাৰলেণ্ডৰ ডাচ কে এল এম বিমান সংস্থাৰ এখন বিমানত।

ইকুৱেডৰৰ গুৱায়াকিলৰ পৰা আমষ্টাৰডামলৈ বিমান যাত্ৰাৰ সময়তে আকাশ মাৰ্গত বিমানৰ টয়লেটত এটি পুত্ৰ সন্তান জন্ম দিয়ে তামাৰা নামৰ মহিলাগৰাকীয়ে।

মহিলাগৰাকীয়ে ব্যক্ত কৰা মতে, আমষ্টাৰডাম পাবলৈ মাত্ৰ আৰু কেইঘণ্টামান বাকী থকা অৱস্থাত হঠাৎ তেওঁ অসহ্য পেটৰ বিষ অনুভৱ কৰে।

image 88
আশ্বৰ্যকৰ! নিজৰ অলক্ষিতেই অন্তঃসত্বা হ’ল তামাৰা, আকাশমাৰ্গত বিমানৰ টয়লেটত জন্ম দিলে সন্তান… 5

লগে লগে তেওঁ বিমানৰ টয়লেটলৈ যোৱাত তাতেই আশ্বৰ্যকৰ ধৰণে এটি সন্তান প্ৰসৱ কৰে।

সৌভাগ্যক্ৰমে সেই সময়ত বিমানখনত দুগৰাকী চিকিৎসক আৰু এগৰাকী নাৰ্ছ উপস্থিত থকাত তেওঁলোকে সন্তান প্ৰসৱ কৰাত সহায় কৰে তামাৰাক।

ইফালে বিমানখন আমষ্টাৰডামত উপস্থিত হোৱাৰ পিছত মহিলাগৰাকী আৰু সন্তানটোক এম্বুলেন্সৰে স্পাৰ্ণ গাষ্টুইছ হাৰলেম চাউথ চিকিৎসালয়লৈ লৈ যোৱা হয়।

বৰ্তমান মহিলাগৰাকীৰ লগতে তেওঁৰ পুত্ৰ সন্তানটো সুস্থ বুলি জানিবলৈ দিছে চিকিৎসকে।

image 89
আশ্বৰ্যকৰ! নিজৰ অলক্ষিতেই অন্তঃসত্বা হ’ল তামাৰা, আকাশমাৰ্গত বিমানৰ টয়লেটত জন্ম দিলে সন্তান… 6

আকাশ মাৰ্গতে জন্মলাভ কৰা সন্তানটোৰ নাম মেক্সিমিলিয়ানোৰ ৰাখিছে তামাৰাই।

আনহাতে নিজৰ অলক্ষিতে অন্তঃসত্বা হৈ এনেদৰে বিমানৰ ভিতৰত আকাশমাৰ্গত এগৰাকী মহিলাই সন্তান প্ৰসৱ কৰাৰ ঘটনাই স্তম্ভিত কৰিছে সকলোকে।