
আশ্বৰ্যকৰ! গংগাত উদ্ধাৰ ৰাম নাম খোদিত ভাসমান শিল, চাবলৈ স্ৰোত বৈছে ভক্তৰ…
নিউজ ডেস্কঃ আখ্যান মতে, ভগৱান শ্ৰী ৰামে যেতিয়া দেৱী সীতাক আনিবলৈ লংকালৈ গৈছিল, সেই সময়ত সাগৰ পাৰ কৰিবলৈ নিৰ্মাণ কৰিছিল এখন সেতু।
শ্ৰীৰাম লিখা ভাসমান শিলৰ সেতুৰে পাৰ হৈ লংকাত প্ৰৱেশ কৰি অসূৰ ৰাৱনক বধ কৰি সীতাক উদ্ধাৰ কৰিছিল ৰামচন্দ্ৰই।
জনবিশ্বাস অনুসৰি, এতিয়াও সেই ৰাম সেতুৰ অৱশিষ্ট আছে সাগৰৰ বুকুত।
এই জনবিশ্বাসকেই সৰোগত কৰি এতিয়া বিহাৰৰ পাটনাত এটা ভাসমান শিলৰ টুকুৰা চাবলৈ সোঁত বৈছে অগণন ভক্তৰ।
ইতিমধ্যে পূজা-অৰ্চনাৰে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে পাটনাৰ মহাবীৰ মন্দিৰত।
জানিব পৰা মতে, ভাগলপুৰত গংগাৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে ভাসমান শিলটো।
শিলৰ টুকুৰাটোত লিখা আছে ‘শ্ৰীৰাম’ বুলি।

অৱশ্যে শিলৰ টুকুৰাটোত লিখা থকা ৰামৰ নাম পূৰ্বৰে পৰাই আছিল নে এতিয়া কোনোবাই লিখিছে সেয়া স্পষ্ট কোনেও কৰা নাই।
বাতৰি অনুসৰি, খঞ্জাৰপুৰৰ বাসিন্দা বিজয় কুমাৰ পাছৱানে তেওঁৰ আঠ বছৰীয়া পুত্ৰক লগত লৈ ভাগলপুৰৰ আদমপুৰৰ ধোবী ঘাটত ঘাঁহ কাটিবলৈ গৈছিল।
সেই সময়তে তেওঁৰ পুত্ৰই গংগাত উপঙি থকা অৱস্থাত শিলটো প্ৰত্যক্ষ কৰি তুলি আনে।
শিশুটিৱে সমনীয়াৰ সৈতে শিলটোৰে খেলি থাকোতে ভাগিও থাকে। পিছত বিজয় কুমাৰ পাছৱানে ৰাম নাম লিখা থকা অৱশিষ্ট শিলৰ টুকুৰাটো ঘৰলৈ লৈ আনে।
কিছু ঘণ্টাৰ ভিতৰতে এই খবৰ জুইৰ দৰে বিয়পি পৰে সমগ্ৰ অঞ্চলটোত।
ইয়াৰ পিছতে ভাসমান শিলৰ টুকুৰা চাবলৈ সোঁত বয় অগণন লোকৰ।
অনেকে ধূপ-ধূনা জ্বলাই শিলটোৰ পূজা-অৰ্চনাও আৰম্ভ কৰিছে।
কিন্তু শিলটো পানীত উপঙি থকাৰ কোনো বৈজ্ঞানিক কাৰণ এতিয়ালৈকে বিশ্লেষণ কৰা হোৱা নাই।




