আশ্বৰ্যকৰ! উদ্বোধনৰ ৪ মাহ পিছতে গুহাত পৰিণত হ’ল ২০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এটা গুৰুত্বপূৰ্ণ পথ

নিউজ ডেস্কঃ প্ৰায় ২০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি জনতাৰ বাবে মুকলি কৰাৰ ৪ মাহ পিছতে খহি পৰিল এটা গুৰুত্বপূৰ্ণ ঘাইপথ।

দেওবাৰে বাংগালুৰুৰ কুণ্ডনহাল্লী আণ্ডাৰপাছ সেৱা পথৰ এটা অংশ হঠাৎ খহি দ গাতত পৰিণত হোৱাৰ এটা ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

মুকলিৰ মাত্ৰ ৪ মাহ পিছতে পথটো এনেদৰে ভাগি পৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলৰ মাজত।

ভাইৰেল ভিডিঅ’টোত দেখিবলৈ পোৱা মতে, পথটোৰে যান বাহন অহাযোৱা কৰি থকাৰ সময়তে পথটোৰ এটা অংশ ভাগি পৰি গুহাত পৰিণত হয়।

image 83
আশ্বৰ্যকৰ! উদ্বোধনৰ ৪ মাহ পিছতে গুহাত পৰিণত হ’ল ২০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এটা গুৰুত্বপূৰ্ণ পথ 2

জানিব পৰা মতে, ব্ৰুহাট বাংগালুৰু মহানগপ পালিকা (বিবিএমপি)ৰ দ্বাৰা কুণ্ডলাহল্লী আণ্ডাৰপাছ নিৰ্মাণৰ বাবে ১৯.৪৫ কোটি টকা ব্যয় কৰা হৈছে।

বিবিএমপিয়ে অৱশ্যে পথটো গুহাত সোমাই পৰাৰ আঁৰৰ কাৰণটো পানী লিক হোৱাৰ বাবেই জগৰীয়া কৰে।

বিবিএমপিৰ মুখ্য আয়ুক্ত তুষাৰ গিৰি নাথে জনোৱা মতে, বাংগালুৰু পানী যোগান আৰু নলা-নৰ্দমা ব’ৰ্ডে (BWSSB) লিকেজ হোৱা পাইপ ঠিক নকৰাৰ বাবেই পথটোৰ তলৰ মাটি ঢিলা হৈ পথটো সোমাই পৰে।

উল্লেখযোগ্য যে, বাংগালুৰুৰ কুণ্ডলাহল্লী জংচনৰ পৰা আই টি হাবলৈ যোৱা এই মূল পথটো যোৱা জুন মাহত উদ্বোধন কৰা হৈছিল।