অসম

আলফা স্বাধীনৰ একপক্ষীয় যুদ্ধ বিৰতিৰ ম্যাদ পুনৰ ৩ মাহলৈ বৃদ্ধি…

আলফা স্বাধীনৰ অস্ত্ৰবিৰতি আৰু ৩মাহলৈ বৃদ্ধি।

সংগঠনটোৰ ফালৰ পৰা এই কথা ঘোষণা ঘোষণা কৰা হৈছে।

সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসমৰ স্বাক্ষৰ সম্বলিত এক প্ৰেছ বিজ্ঞপ্তিযোগে দেওবাৰে আলফা স্বাধীনে এক পক্ষীয় অস্ত্ৰ বিৰতিৰ ম্যাদ পুনৰ তিনিমাহলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।

অসমৰ জনস্বাৰ্থৰ খাতিৰতে আলফা স্বাধীনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰে।

image 2

এই সময়ছোৱাৰ ভিতৰত সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনে সকলো ধৰণৰ সামৰিক কাৰ্য্যকলাপৰ পৰা বিৰত থাকিব।

উল্লেখ্য যে, ২০২১ চনৰ ১৪ মে’ৰ পৰা পৰা সংযুক্ত মুক্তি বাহিনী অসমে একপক্ষীয় অস্ত্ৰ বিৰতি ঘোষণা কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *