আলফা সমস্যা মুখ্যমন্ত্ৰীয়ে মীমাংসা কৰিব পাৰিব বুলি ১০০ শতাংশ বিশ্বাসী পৰেশ বৰুৱা!

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত আলফা সমস্যা সমাধান হোৱাটো এশ শতাংশই নিশ্চিত।

ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত এই বিশ্বাস দেখুৱালে আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই।

নৱবৰ্ষৰ পহিলা দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘নতুন দিনৰ আলাপ’ অনুষ্ঠানত আলফা সন্দৰ্ভত কৰা মন্তব্যৰ পিছতে আজি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সেনাধ্যক্ষ পৰেশ বৰুৱাই।

ৰাজ্যৰ এটা আগশাৰীৰ সংবাদ মাধ্যমৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত আলফাৰ সেনাধ্যক্ষ গৰাকীয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ ওপৰত অগাধ বিশ্বাস প্ৰদৰ্শন কৰে।

Himanta-Biswa-Sarma-Chief-Minister-of-Assam-addressing-press-conference-Natun-Dinor-Alap-at-the-stat

তেওঁ কয়, “আলফা সমস্যা মুখ্যমন্ত্রী ড০ শর্মাই মীমাংসা কৰিব পাৰিব বুলি আমি এশ শতাংশই বিশ্বাসী৷ মুখ্যমন্ত্রীয়ে আজি যি কথা কৈছে, সেয়া ধনাত্মক দিশত কৈছে। এই সমস্যাটোৰ ওপৰত তন্ন তন্নকৈ জ্ঞান আছে তেওঁৰ৷ ৰাজনৈতিক নেতা হিচাপে মুখ্যমন্ত্রীৰ যোগ্যতা আছে৷

এই যোগ্যতাৰ ভিত্তিতেই আমি কৈছোঁ যে ধনাত্মক দিশেৰে গৈ ক’ৰবাত নহয় ক’ৰবাত ভাৰত চৰকাৰক পতিয়ন নিয়াব পাৰিব৷ আমি যি ইছ্যুৰ ওপৰত ইমানদিন কথা কৈ আহিছোঁ সেই ইছ্যুটোৰ ওপৰত কথা পাতি এটা মীমাংসাত উপনীত কৰিব পৰাকৈ মুখ্যমন্ত্ৰীগৰাকী বাটকটীয়া হ’ব বুলি আমি আশা প্রকাশ কৰিছোঁ৷”

E-h5-HLEUYAEguml-copy

পৰেশ বৰুৱাই লগতে কয়, “মর্নিং শ্ব’ দ্য ডে’৷ মুখ্যমন্ত্রীয়ে যি কথা কৈছে আমি আস্বস্ত হৈছোঁ, যি শব্দ প্রক্ষেপ কৰিছে তাক আমি ধনাত্মক ৰূপে লৈছোঁ। সার্বভৌমত্বক লৈ আলোচনাৰ যি বাধা, সেয়া সমাধান কৰিব পাৰিব মুখ্যমন্ত্রীয়ে। যেনেকৈ প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ কার্যকালত আলোচনাৰ বাট মুকলি হৈছিল, তেনেকৈ আজিও কথা পাতিব পৰা অৱস্থাৰ সৃষ্টি হ’ব৷ যদি প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈৰ দিনত আলোচনাৰ বাট মুকলি হৈছিল, তেন্তে আজি কিয় নোৱাৰে?

তৰুণ গগৈতকৈ আজিৰ মুখ্যমন্ত্রী ড০ শর্মাৰ যথেষ্ট বুদ্ধিমত্তা আছে৷ এই গোটেই বিষয়টোৰ ওপৰত তৰুণ গগৈতকৈ বেছি অভিজ্ঞতা আছে। তেওঁ নিশ্চয় পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস আছে৷ গতিকে সার্বভৌমত্ব আলোচনাৰ হেঙাৰ হ’ব নোৱাৰে।

মুখ্যমন্ত্রী ড০ শর্মাই কেন্দ্রীয় চৰকাৰক নিশ্চয় পতিয়ন নিয়াব পাৰিব৷ তেওঁ এশ শতাংশ পাৰিব, তেওঁৰ বুদ্ধি আছে, পাৰদর্শিতা আছে৷ আমি আশ্বস্ত যে তেওঁ পাৰিব৷ আমাৰ বিশ্বাস এটা আছে।

উল্লেখ্য যে, বছৰৰ প্ৰথম দিনটোত আলফাৰ আৰু চৰকাৰৰ আলোচনা প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল। তেওঁ কয় যে আলোচনা ইতিবাচক দিশেৰে আগবাঢ়িছে।

আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই আলোচনাক লৈ যিমান সদিচ্ছা দেখুৱাইছে, ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰেও সিমানেই সদিচ্ছা দেখুৱাইছে।

আলোচনা সফলতাৰে শেষ হোৱাৰ আৰম্ভণি কৰা হৈছে। কিন্তু সার্বভৌমত্বৰ বিষয়টোত আলোচনা কিছু বাধাপ্রাপ্ত হৈছে বুলিও মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave a Comment