অসম

‘আমাক ভাত মুঠিৰ পৰা বঞ্চিত নকৰিব’-প্ৰতিবাদস্থলীত হুকহুকাই কান্দি উঠিল চাকৰিৰ পৰা বঞ্চিত শিক্ষকে…

সুদীৰ্ঘ ২০-৩০ বছৰে বিনা বেতনে শিক্ষকতা কৰিও বিনিময়ত এটকাও পাবলৈ সক্ষম নহ’ল।

মনৰ পুঞ্জীভূত ক্ষোভ-বেজাৰত কেমেৰাৰ সন্মুখতে হুকহুকাই কান্দি উঠিল তেনে একাংশ বঞ্চিত শিক্ষাগুৰু।

প্ৰাপ্যৰ দাবীৰ প্ৰতিবাদ কৰিব গৈ প্ৰতিবাদ থলীত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীলৈ অশ্ৰুসিক্ত হৈ জনালে বিষয়টো বিবেচনাৰ কাতৰ আহ্বান।

দক্ষিণ কামৰূপৰ সোণতলীত সোমবাৰৰ দুপৰীয়া চাকৰি বঞ্চিত শিক্ষকৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন।

প্ৰতিবাদস্থলীত কেমেৰাৰ সন্মুখতে উচুপি উঠিল নমস্য শিক্ষকতা বৃত্তিত কৰ্মজীৱনৰ সৰহভাগ সময় অতিবাহিত কৰা একাংশ শিক্ষকে।

হাতে- হাতে প্লে কাৰ্ড ল’ই ন্যায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ মুখৰ হয় চাকৰি বঞ্চিত শিক্ষক।

শিক্ষকসকলৰ দাবী- ‘আমাৰ জীৱন-যৌৱন ঘূৰাই দিয়ক৷ আমাক আন্দোলন কৰিবলৈ বাধ্য নকৰাব৷ আমাক ভাত মুঠিৰ পৰা বঞ্চিত নকৰিব।’

সোণতলীৰ মাহতলী ছোৱালী এম ই স্কুল প্ৰাঙ্গনত সোমবাৰে সাব্যস্ত হয় এই প্ৰতিবাদ।

প্ৰতিবাদৰ মাজতেই বিষয়টো পুনৰ বিবেচনাৰ আহ্বান জনালে চৰকাৰলৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *