আফগানিস্তানত চৰকাৰ গঠন কৰিলে তালিবানে, মঃ হাছান অখুন্দে দিব চৰকাৰৰ নেতৃত্ব…

আফগানিস্তানত চৰকাৰ গঠন কৰিলে তালিবানে।

আনুষ্ঠানিকভাৱে গঠন কৰিলে অন্তৱৰ্তীকালীন চৰকাৰ।

স্থায়ীকৈ চৰকাৰ গঠন নোহোৱালৈকে মহম্মদ হাছান অখুন্দে দিব চৰকাৰৰ নেতৃত্ব।

মোল্লা আব্দুল ঘনি বাৰাদাৰ উপ-প্ৰধানমন্ত্ৰী হ’ব। মোল্লা আব্দুল ছালাম হানফিকো উপ-প্ৰধানমন্ত্ৰী হিচাপে বাছনি কৰা হৈছে।

মোল্লা আমিৰ খান মুফটিক বিদেশ মন্ত্ৰী নিযুক্তি।

ষ্টানেকজাইক উপ-বিদেশ মন্ত্ৰী নিযুক্তি।

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ দায়িত্বত আছে মহম্মদ য়াকুব।

আফগানিস্তানৰ উপ-গৃহমন্ত্ৰী চিৰাজুদ্দিন হাক্কানি।

তালিবানে মঙলবাৰে সন্ধিয়া আফগানিস্তানত এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ কথা ঘোষণা কৰি আফগানিস্তান এতিয়া ‘ইছলামিক আমিৰাত’ ৰূপে পৰিচিত হ’ব বুলি ঘোষণা কৰে।

উল্লেখ্য যে, চৰকাৰ গঠনৰ বাবে বহুদিনৰে পৰা চলি আছিল যো জা।

Leave a Comment