আন এক গৌৰৱৰ মুহূৰ্তঃ অসম কন্যা লাভলীনা বৰগোঁহাই IBAৰ এথলীটছ কমিটিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত

নিউজ ডেস্কঃ অসম কন্যা লাভলীনা বৰগোঁহাইৰ বাবে আন এক সন্মান। টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহাইক নিৰ্বাচিত কৰা হৈছে এথলীটছ কমিটিৰ পৰিচালনা সমিতিৰ অধ্যক্ষ আৰু ভোটিং সদস্য হিচাপে।

বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েশ্যনে এক বিবৃতিযোগে এই বিষয়ে প্ৰকাশ কৰে।

image 108
আন এক গৌৰৱৰ মুহূৰ্তঃ অসম কন্যা লাভলীনা বৰগোঁহাই IBAৰ এথলীটছ কমিটিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত 3

উল্লেখ্য যে, ২০২২ চনৰ মহিলা বিশ্ব চেম্পিয়নশ্বিপত অনুষ্ঠিত নিৰ্বাচনৰ সময়ত সৰ্বাধিক ভোট লাভ কৰিছিল অসম কন্যা লাভলীনাই।

আইবিএৰ এথলীটছ কমিটিৰ্ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে এক বিবৃতি প্ৰকাশ কৰি লাভলীনাই কয়, ‘আইবিএৰ এথলীটছ কমিটিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাত মই সন্মানিত অনুভৱ কৰিছো। সদস্য হোৱাৰ আশা কৰিছিলো, কিন্তু কেতিয়াও ভবা নাছিলো যে মইও কমিটীৰ অধ্যক্ষ হ’ম। ইয়াৰ ফলত ভাৰতীয় বক্সিং আৰু বিশেষকৈ মহিলা বক্সিঙক প্ৰচাৰ কৰাত সহায়ক হ’ব।’

লাভলীনা বৰগোঁহাইয়ে পুনৰ কয়, ‘এয়া মোৰ বাবে বক্সিঙৰ প্ৰচাৰৰ বাবে এক বিশাল সুযোগ আৰু মই প্ৰথমে বিশ্বৰ আন সদস্য আৰু বক্সাৰসকলৰ সৈতে এই বছৰ বক্সিঙত কি সকলোবোৰ সংশোধন কৰিব লাগিব সেই বিষয়ে আলোচনা কৰাৰ পৰিকল্পনা কৰিছো আৰু তাৰ পিছত সেই পৰামৰ্শ আৰু অভিযোগসমূহ পৰিচালনা সমিতিৰ মাজলৈ লৈ যাম।”

image 109
আন এক গৌৰৱৰ মুহূৰ্তঃ অসম কন্যা লাভলীনা বৰগোঁহাই IBAৰ এথলীটছ কমিটিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত 4

২০২১ চনৰ আইবিএ পুৰুষ বিশ্ব চেম্পিয়নশ্বিপৰ সময়ত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ পিছত ভাৰতীয় বক্সাৰ শিৱ থাপাও আইবিএ এথলীটছ কমিটিৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে।

২০২১ চনৰ অক্টোবৰ আৰু ২০২২ চনৰ মে’ মাহত অনুষ্ঠিত হোৱা পুৰুষ আৰু মহিলা বিশ্ব চেম্পিয়নশ্বিপৰ সময়ত অংশগ্ৰহণ কৰা বক্সাৰসকলে নিৰ্বাচিত কৰে লাভলীনা বৰগোঁহাই আৰু শিৱ থাপাক।

Leave a Comment