‘আন্দোলন সমাপ্ত নহয়, চলি থাকিব’- কৃষি আইন বাতিল সন্দৰ্ভত কৃষক নেতা ৰাকেশ টিকাইটৰ প্ৰতিক্ৰিয়া…

কৃষকৰ প্ৰতিবাদত অৱশেষত সেও মানি কেন্দ্ৰীয় চৰকাৰে বাতিল কৰিলে বিতৰ্কিত কৃষি আইন।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীক সম্বোধন কৰি বিতৰ্কিত তিনিওখন কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে।

ভাষণত তেওঁ কৃষকসকলক আন্দোলন সামৰি ঘৰলৈ উভতি যাবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰী মোদীৰ এই আহ্বানৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৃষক নেতা ৰাকেশ টিকাইটে অতি স্পষ্টতাৰে কয় যে কৃষক আন্দোলন তৎক্ষণাৎ সমাপ্ত কৰা নহয়, অন্দোলন চলি থাকিব।

টিকাইটে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘আন্দোলন তৎক্ষণাৎ সমাপ্ত নহয়, আমি সেই দিনটোৰ বাবে অপেক্ষা কৰিম যেতিয়া সংসদত কৃষি আইন বাতিল কৰা হ’ব। চৰকাৰে এম এছ পিৰ লগতে কৃষকসকলৰ অন্যান্য বিষয়ৰ ওপৰত আলোচনা কৰিব।’

Leave a Comment