ৰাষ্ট্ৰীয়

আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমান চলাচলৰ নিষেধাজ্ঞা ৩১ জানুৱাৰীলৈ বৃদ্ধি…

৩১ জানুৱাৰীলৈ বৃদ্ধি আন্ত: ৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমান চলাচলৰ নিষেধাজ্ঞা।

অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে বাণিজ্যিক আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমানৰ ওপৰত নিষেধাজ্ঞা ৩১ জানুৱাৰীলৈ বৃদ্ধি কৰিছে।

শেহতীয়াভাৱে অ’মিক্ৰনক লৈ বাঢ়ি অহা উদ্বেগৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে ১ ডিচেম্বৰৰ পৰা নিৰ্ধাৰিত আন্তঃৰাষ্ট্ৰীয় বিমান সমূহ পুনৰ আৰম্ভ নকৰাৰ সিদ্ধান্ত লৈছে।

বৃহস্পতিবাৰে এক বিজ্ঞপ্তি জাৰি কৰি কয়- সক্ষম কৰ্তৃপক্ষই ভাৰতলৈ আৰু ইয়াৰ পৰা অনুসূচীত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক যাত্ৰী সেৱা ৩১ জানুৱাৰী, ২০২২ ৰ ২৩৫৯ ঘণ্টালৈ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *