আজৱ! ৰে’লপথত থিয় হৈ হাতেৰে ইংগিত দি চলন্ত ৰে’ল ৰখোৱাৰ চেষ্টা সুৰাসক্তৰ, তাৰ পিছত ঘটিল এই ঘটনা… ভাইৰেল ভিডিঅ’…

নিউজ ডেস্কঃ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা চাঞ্চল্যকৰ ভিডিঅ’।

য’ত এজন ব্যক্তিয়ে ৰে’লপথত থিয় হৈ হাতেৰে ইংগিত দি চেষ্টা কৰিছে চলন্ত ৰে’ল ৰখোৱাৰ।

সামাজিক মাধ্যমত এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে বিভিন্নজনে বিভিন্ন ধৰণে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া।

জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ বৰেলীত সংঘটিত হৈছে এই ঘটনা।

ভিডিঅ’টোত এজন যুৱকক চলন্ত ৰে’লৰ সন্মুখত ট্ৰেকটোৰে খোজ কাঢ়ি যোৱা দেখা গৈছে।

ইয়াৰ পিছত যেতিয়া ৰেলখন যুৱকজনৰ ওচৰ পায়, তেতিয়া ৰে’লখন ৰখাবলৈ ইংগিত দি ৰে’ল লাইনৰ পৰা আঁতৰি যায় যুৱকজনে।

এই দৃশ্য দেখি পাইলটে ৰে’লখন ৰখায়। কিন্তু অকাৰণত ৰে’ল ৰখিবলৈ ইংগিত দিয়া সুৰাসক্ত যুৱকজনক এশিকনি দিয়াৰ সিদ্ধান্ত লয় পাইলটে।

ভাইৰেল ভিডিঅ’টোত দেখা যায় যে ৰেলৰ পৰা নামি আহি পাইলটজনে যুৱকজনক খেদি খেদি গালত এটা প্ৰচণ্ড চৰ শোধায়।

সুৰাৰ নিচাত চলন্ত ৰে’ল ৰখোৱা মাতাল যুৱকজনৰ এই কাণ্ডই এতিয়া সামাজিক মাধ্যমতো চৰ্চা লাভ কৰিছে।