অসমীয়াৰাষ্ট্ৰীয়

আজৱ চোৰ! বিলাসী বাহনত আহি অভিজাত চোৰে চুৰি কৰি লৈ গ’ল জি-২০ সন্মিলনৰ বাবে সজাই থোৱা ফুলৰ টাব, ভাইৰেল ভিডিঅ’…

নিউজ ডেস্কঃ বিলাসী বাহনত ভৰাই দুই অভিজাত চোৰে চুৰি কৰি লৈ গ’ল ফুলৰ টাব।

সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে এনে এটা ভিডিঅ’।

এই ভিডিঅ’টো হাৰিয়ানাৰ গুৰগাঁৱত আয়োজিত জি-২০ সন্মিলনৰ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, ১ মাৰ্চৰ পৰা ৪ মাৰ্চলৈ আয়োজন হ’বলগীয়া জি-২০ সন্মিলনৰ বাবে ইতিমধ্যে আটক ধুনীয়াকৈ সজাই তোলা হৈছে গুৰগাঁও।

সন্মিলনথলীৰ চৌদিশে সুন্দৰকৈ সজাই থোৱা হৈছে ৰং বিৰঙৰ ফুলৰ টাব।

তেনে ফুলৰ টাবেই বিলাসী বাসনত ভৰাই দুজন লোকে চুৰি কৰি নিয়াৰ অভিযোগ উত্থাপন হৈছে।

এই চুৰিকাৰ্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।