আজৱ চুৰি কাণ্ড! দোকানৰ কেচবক্সৰ পৰা উধাও হ’ল নগদ ১২ হাজাৰ টকা, CCTV ফুটেজত চোৰক দেখি হাঁহি ফুটি উঠিল দোকানীৰ মুখত, ভাইৰেল ভিডিঅ’…

নিউজ ডেস্কঃ নিশা দোকান বন্ধ কৰি কেচ বক্সতে দিনটোৰ বিক্ৰী টকাখিনি থৈ যায় দোকানীয়ে।

অইনদিনাৰ দৰে সেই দিনাও নিশা টকাখিনি কেচবক্সতে থৈ তেওঁ দোকান বন্ধ কৰি ঘৰলৈ গৈছিল।

কিন্তু পিছদিনা পুৱা পুনৰ দোকানলৈ আহি কেচবক্স খুলিহে হাত দিলে মূৰে কপালে।

নাই মানে নাই, কেচবক্সত ৰাতি থৈ যোৱা ১৩ হাজাৰ নগদ নোটৰ এখনো নাই!

প্ৰথমাৱস্থাত ৰাতি দোকানৰ ভিতৰতে থকা কৰ্মচাৰী জনে চুৰি কৰা বুলি সন্দেহ কৰিলে যদিও পিছত এনেয়ে কৰ্মচাৰীজনৰ ওপৰত অভিযোগ তুলিবলৈ তেওঁৰ সৎ নগ’ল।

কি কৰোঁ কি নকৰো বুলি ভাৱি থাকোতেই কোনোৱে ক’লে- যাওক পুলিচক খবৰ দিয়কগৈ।

কিন্তু দোকানত লগোৱা আছিল চিচিটিভি কেমেৰা। পুলিচক খবৰ দিয়াৰ পূৰ্বে মালিকে ভাৱিলে- এবাৰ চিচিটিভি ফুটেজখিনি নিজেই চোৱা হওক।

আৰু তাৰ পিছতহে ওলাই পৰিল চুৰি কাণ্ডৰ প্ৰকৃত ৰহস্য। চিচি টিভিত দৃশ্য দেখি দুখৰ মাজতো মুখত হাঁহি বিৰিঙি উঠিল সকলোৰে।

এই ঘটনা পশ্চিমবংগৰ তামলুকৰ হাস্পতাল মোৰস্থিত জিলা পৰিষদৰ বজাৰ কমপ্লেক্সৰ।

বজাৰ কমপ্লেক্সতে এখন মছলাৰ দোকান দিয়ে অমল কুমাৰ মাইতিয়ে।

অইন দিনাৰ দৰেই বুধবাৰে নিশাও দোকানৰ কেচবক্সতে নগদ ১৩ হাজাৰ টকা থৈ ঘৰলৈ গৈছিল অমল কুমাৰ।

কিন্তু পিছদিনা পুৱা দোকানলৈ আহি কেচবক্সত টকাখিনি নেদেখি তেওঁ চিন্তিত হৈ পৰে।

সৌভাগ্যক্ৰমে অমল কুমাৰৰ দোকানত লগোৱা আছিল ৪টাকৈ চিচিটিভি কেমেৰা।

কেচবক্সৰ পৰা টকা চুৰি সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াৰ পূৰ্বে তেও চিচি টিভি ফুটেজখিনি চোৱাৰ সিদ্ধান্ত লয়।

সেই অনুসৰি তেওঁ চিচিটিভি ফুটেজ খিনি চাই থকাৰ সময়তে ধৰা পৰে প্ৰকৃত চোৰ।

দৰাচলতে কেচবক্সটোত আছিল এটা ফাঁক।

এটা এন্দুৰে কেচবক্সৰ সেই ফাঁকেৰেই এখন এখনকৈ টকাৰ নোটখিনি উলিয়াই গাঁতলৈ কঢ়িয়াই নিছিল।

এন্দুৰটোৰ এই কাৰ্য বন্দী হৈ ৰৈছিল চিচি টিভি কেমেৰাত।

চোৰ এন্দুৰক দেখি টকা হেৰুওৱাৰ বেদনাৰ মাজতো হাঁহি বিৰিঙি উঠে অমল কুমাৰ আৰু দোকানৰ কৰ্মচাৰী সকলৰ মুখত।

অৱশ্যে পিছত দোকানৰ চৌদিশ চলাথ কৰি এন্দুৰৰ গাঁতটো বিচাৰি উলিয়াই তেওঁলোকে ১২ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পিছে সন্ধান তেতিয়াও নোলাল এন্দুৰটোৱে চুৰি কৰি নিয়া বাকী ৭০০ টকাৰ।