অসমীয়াঅসম

আজৱ কাণ্ড! শাহুৱেকক মেট্ৰিক পাছ কৰাবৰ বাবে পৰীক্ষাত বহিল বোৱাৰী, এতিয়া ৰঙাঘৰৰ আলহী দুয়োগৰাকী…

নিউজ ডেস্কঃ শাহুৱেকৰ হৈ মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আৰক্ষীৰ জালত এগৰাকী বোৱাৰী।

পৰীক্ষাৰ প্ৰৱেশ পত্ৰৰ ফটোৰ সৈতে নিমিলিল পৰীক্ষাৰ্থী হৈ যোৱা বোৱাৰীৰ মুখমণ্ডল।

শাহুৱেকক মেট্ৰিক পাছ কৰাবলৈ গৈ আৰক্ষীৰ জালত বোৱাৰীগৰাকী।

ধেমাজিৰ পূব জীয়াঢল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত এই আজৱ ঘটনা।

কেন্দ্ৰটোৰ কৰ্তৃপক্ষই দাখিল কৰিছে দুয়োৰে বিৰুদ্ধে এজাহাৰ।

আৰক্ষীয়ে আটক কৰিছে দুয়ো শাহু-বোৱাৰীক।

বোৱাৰীগৰাকীক সোধ-পোছৰ অন্তত স্বীকাৰ কৰে সকলো কথা।