আজৱ কাণ্ড! বহিবলৈ চকী অনাত পলম হোৱাৰ বাবেই দলীয় কৰ্মীলৈ শিলগুটি নিক্ষেপ এগৰাকী মন্ত্ৰীৰ, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ সভাত বহিবলৈ চকী অনাত পলম হোৱাৰ বাবেই খঙতে দলীয় কৰ্মীৰ ওপৰতে শিলগুটি দলিয়ালে এগৰাকী মন্ত্ৰীয়ে।

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে মন্ত্ৰীজনৰ এনে নিকৃষ্ট কাণ্ডৰ এটা ভিডিঅ’।

তামিলনাডুৰ তিৰুৱল্লুৰত অনুষ্ঠিত এক সভাৰ সময়ত এই কাণ্ড সংঘটিত কৰে ডিএমকেৰ মন্ত্ৰী এছ এম নাছাৰে।

দৰাচলতে বুধবাৰে তিৰুৱল্লুৰত এক সভাত অংশ লোৱাৰ কথা আছিল তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন।

সভাৰ এদিন পূৰ্বে বৱস্থা পৰিদৰ্শন কৰিবলৈ সভাস্থলীত উপস্থিত হয় মন্ত্ৰী এছ এম নাছাৰ।

সেই সময়ত মন্ত্ৰীগৰাকীয়ে বহিবলৈ এজন দলীয় কৰ্মীক নিৰ্দেশ দিয়ে।

কিন্তু দলীয় কৰ্মীজনে চকীখন অনাত পলম হোৱাৰ বাবেই তেওঁলৈ শিলগুটি নিক্ষেপ কৰে মন্ত্ৰী এছ এম নাছাৰে।

ইতিমধ্যে সামাজিক মাধ্যমত মন্ত্ৰীজনৰ এনে আচৰণৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিতৰ্কৰে শিৰোণাম দখল কৰিছিল এছ এম নাছাৰে।

বিগত বৰ্ষৰ নৱেম্বৰত গাখীৰৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে জিএছটি আৰোপ কৰাৰ বাবে গাখীৰৰ দাম বৃদ্ধি পোৱা বুলি দাবী কৰি বিতৰ্কৰ সমালোচিত হৈছিল তামিলনাডু চৰকাৰৰ এইগৰাকী মন্ত্ৰী।