অসম

আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম, গুৱাহাটীত শতকৰ ঘৰ অতিক্ৰম…

প্ৰতিদিনে অনাকাংক্ষিত ভাৱে বৃদ্ধি হৈছে পেট্ৰ’ল-ডিজেলৰ মূল্য।

সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধাই যোৱা ৯ দিনত ৮ বাৰকৈ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।

আজি অৰ্থাৎ বুধবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।

ৰাজ্যৰ অন্যান্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো শতকৰ ঘৰ অতিক্ৰম কৰিলে পেট্ৰ’লৰ মূল্যই।

আজি প্ৰতিলিটাৰ পেট্ৰ’ল-ডিজেলত বৃদ্ধি পাইছে ৮০ পইচাকৈ।

মঙলবাৰে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম আছিল ৯৯.৮৯ পইচা।

এতিয়া ৮০ পইচা দাম বৃদ্ধইৰ লগে লগে গুৱাহাটীতো ১০০ অতিক্ৰম কৰিব পেট্ৰ’ল দামে।

উল্লেখ্য যে, ২২ মাৰ্চৰ পৰা ধাৰাবাহিকভাৱে বাঢ়ি আছে পেট্ৰ’ল-ডিজেলৰ দাম। মাজতে ২৪ মাৰ্চত বৃদ্ধি পোৱা নাছিল পেট্ৰ’ল-ডিজেলৰ দাম।

৮ দিনত পেট্ৰ’লত ৫.২০ টকা আৰু ডিজেলৰ দাম বাঢ়িছে ৫.৩৫ টকা।

উল্লেখ্যে যে বিগত প্ৰায় ৩ টা মাহত ইন্ধনৰ মূল্য অপৰিবৰ্তিত থকাৰ পাছত ৫ ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ লগে লগে ধাৰাবাহিকভাৱে মূল্য বৃদ্ধি আৰম্ভ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *