অসম

আজি পুনৰ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম, ৮ দিনত ৭বাৰকৈ দাম বৃদ্ধি…

আজি পুনৰ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম।

সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধাই ৮ দিনত ৭বাৰকৈ বৃদ্ধি হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য।

আজি প্ৰতিলিটাৰ পেট্ৰ’লত ৮৯ পইচা বৃদ্ধি পোৱাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলত ৭৪ পইচাকৈ বৃদ্ধি পায়।

আজি গুৱাহাটীত পেট্ৰ’লৰ দাম ৯৯.৯১ টকা।

আনহাতে গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ দাম হৈছেগৈ ৮৫,৯২ টকা।

আনহাতে পেট্ৰ’লৰ মূল্যই ৰাজ্যৰ বহু স্থানত ইতিমধ্যে শতকৰ ঘৰ অতিক্ৰম কৰিছে।

উল্লেখ্য যে, ৰাজ্যত বিগত ৮ দিনত ৭ বাৰকৈ বৃদ্ধি পালে ইন্ধনৰ মূল্য।

Leave a Reply

Your email address will not be published. Required fields are marked *