আজি গুৱাহাটীত উপস্থিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ…

নিউজ ডেস্কঃ আজি গুৱাহাটীত উপস্থিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ ক্ৰিকেটাৰসকল।

অহা ২ অক্টোবৰত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত দুয়োটা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ পৰিপ্ৰেক্ষিতত আজি গুৱাহাটীলৈ আহিব ক্ৰিকেটাৰসকল।

জানিব পৰা মতে, আজি বিয়লি বিয়লি ৪ বাজি ৪৫ মিনিটত পৃথক পৃথক বিশেষ বিমানেৰে বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেলুৱৈসকল।

উল্লেখ্য যে, গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ অতিথি হিচাপে উপস্থিত থাকিব বিচিচিআইৰ সম্পাদক তথা অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ।

বৰ্ষাপাৰাৰ এই খেলখনক লৈ অতিমধ্যে অতি উৎসুকতাৰে অপেক্ষা কৰিছে অসমৰ ক্ৰীড়াপ্ৰেমীয়ে। এইবাৰ খেলখন প্ৰায় ৪১ হাজাৰ দৰ্শকে প্ৰত্যক্ষ কৰিব।