আজি উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন, কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি..?

আজি অনুষ্ঠিত হ’ব দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন।

আজি পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।

এন ডি এৰ প্ৰাৰ্থী জগদীপ ধনখৰৰ বিৰুদ্ধে প্ৰতিদন্দ্বিতা আগবঢ়াব ইউপিএৰ প্ৰাৰ্থী মাৰ্গাৰেট আলভাই।

লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলৰ দ্বাৰা নিৰ্বাচিত হ’ব উপ ৰাষ্ট্ৰপতি।

ৰাজ্যসভাৰ ২৪৫ গৰাকী আৰু লোকসভাৰ ৫৪৩ গৰাকী সাংসদে সাব্যস্ত কৰিব ভোটাধিকাৰ।

মুঠ ৭৯০ গৰাকী সাংসদে কৰিব ভোটাধিকাৰ সাব্যস্ত।

৩৯৫ তকৈ অধিক ভোট লাভ কৰা জনেই হ’ব দেশৰ পৰৱৰ্তী উপ ৰাষ্ট্ৰপতি।

উল্লেখ্য যে, জগদীপ ধনখৰেই পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি হ’ব বুলি অব্যাহত আছে চৰ্চা।

কাৰণ বিৰোধীৰো একাধিক দলে ধনখৰৰ প্ৰতি আগবঢ়াইছে সমৰ্থন।