আজমলৰ পক্ষত এইবাৰ বিতৰ্কিত বিধায়ক শ্বেৰমান আলী, ক’লে- একাংশই আজমল ধ্বংস হোৱাটো বিচাৰিছে…

নিউজ ডেস্কঃ হিন্দুক লৈ অপমানজনক মন্তব্য কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰা বদৰুদ্দিন আজমলৰ সমৰ্থনত এইবাৰ ওলাই আহিল কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী।

আজমলে কেতিয়াও হিন্দু শব্দৰ প্ৰয়োগ কৰা নাছিল বুলি মন্তব্য কৰি কথাবোৰ এতিয়া বহলাই নাথাকিবলৈও আহ্বান জনায় বিতৰ্কিত বিধায়ক শ্বেৰমান আলীয়ে।

শ্বেৰমানে কয়, ‘মই যিমান দূূৰ জানো আজমলে হিন্দু শব্দৰ ব্যৱহাৰ কৰা নাই। আজমলৰ শব্দচয়ন ভাল হোৱা নাই। কিন্তু তেওঁ ক্ষমা খুজিছে যেতিয়া কথাবোৰ বহলাই থাকিব নালাগে।’

আনহাতে একাংশ মুছলমান ফেচবুকিয়ানে আজমল ধ্বংস হোৱাটো বিচাৰে বুলি মন্তব্য কৰি শ্বেৰমান আলীয়ে আজলমৰ পক্ষত নিজৰ মত ব্যক্ত কৰে।

কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমান মহিলাক লৈ মন্তব্য কৰাৰ সময়ত মুছলমান ফেচবুকিয়ান সকল ক’ত আছিল বুলিও প্ৰশ্ন কৰে বিতৰ্কিত বিধায়কজনে।

আজমল নিঃশেষ হোৱাৰ বিপৰীতে আজমলৰ শক্তি বৃদ্ধি হোৱাৰ পোষকতা শ্বেৰমান আলীৰ মন্তব্যক লৈও এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

উল্লেখ্য যে, এআইইউডিএফৰ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলে অলপতে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত হিন্দু যুৱকে ৪০ বছৰ বয়সলৈকে বিয়া নপতাকৈ ২-৩ গৰাকী মহিলাৰ সৈতে অবৈধ সম্পৰ্ক ৰাখে বুলি বিতৰ্কিত মন্তব্য কৰিছিল।

হিন্দুক লৈ কৰা আজমলৰ এনে অপমানজনক মন্তব্যই এতিয়া তোলপাৰ লগাইছে অসমৰ লগতে সমগ্ৰ দেশ।