আচৰিত! ১১ লাখ টকীয়া গাড়ীৰ মেৰামতিৰ বিল আহিল ২২ লাখ টকা, বিল দেখি হতবাক গাড়ীৰ মালিক

নিউজ ডেস্কঃ মহানগৰীৰ কৃত্ৰিম বানত বুৰ যোৱাৰ পিছত নিজৰ চাৰিচকীয়া বাহনখন মেৰামতিৰ বাবে গৈ হতভম্ব হৈ পৰিল এগৰাকী ব্যক্তি। কাৰণ গাড়ীখন নতুন ক্ৰয় কৰোতে তেওঁ যিমান ধন ভৰিছিল, তাৰ দুগুণ ধন দেখুওৱা হ’ল মেৰামতিৰ বিলত।

এনে এক আচৰিত ঘটনা সংঘটিত হৈছে বাংগালুৰুত।

দৰাচলতে কিছুদিন পূৰ্বে ধাৰাসাৰ বানৰ ফলত সমগ্ৰ বাংগালুৰু চহৰতে সৃষ্টি হৈছিল বান পৰিস্থিতিৰ। সেই বানত উটি গৈছিল শ শ বাহন। বানত উটি যোৱা তেনে এখন বাহনেই আছিল অনিৰুদ্ধ গণেশ নামৰ ব্যক্তিজনৰ ফক্সৱেগন প’লো হেচবেক বাহনখন।

বানত বুৰ গৈ গাড়ীখন বেয়া হোৱাৰ পিছত মেৰামতিৰ বাবে চাৰ্ভিছ চেণ্টাৰলৈ লৈ যায় অনিৰুদ্ধ গণেশে। কিন্তু তাত তেওঁক গাড়ীখনৰ মেৰামতিৰ বাবদ বিল দিয়া হয় ২২ লাখ টকাৰ।

22 lakh
আচৰিত! ১১ লাখ টকীয়া গাড়ীৰ মেৰামতিৰ বিল আহিল ২২ লাখ টকা, বিল দেখি হতবাক গাড়ীৰ মালিক 2

সামাজিক মাধ্যমত এই বিল শ্বেয়াৰ কৰি অনিৰুদ্ধ গণেশে লিখা মতে, তেওঁ ফক্সৱেগন প’লো বাহনখন ক্ৰয় কৰিছিলস ১১ লাখ টকাত। কিন্তু মেৰামতিৰ বাবদে প্ৰকৃত মূল্যৰ দুগুণ বিল প্ৰদান কৰাত হতভম্ব হৈ পৰে অনিৰুদ্ধ গণেশ।

আনহাতে গাড়ীখন মেৰামতিৰ বিল প্ৰদান কৰাৰ পিছত বীমা কোম্পানীটোৰ সৈতেও যোগাযোগ কৰে অনিৰুদ্ধই। কিন্তু আশ্চৰ্যজনকভাৱে ক্ষতিগ্ৰস্ত গাড়ীখনৰ নথি-পত্ৰ প্ৰস্তুত কৰাৰ পৰিৱৰ্তে চাৰ্ভিচ চেণ্টাৰটোৱে তেওঁৰ পৰা ৪৪,৮৪০ টকা দাবী কৰে।

অৱশ্যে পৰৱৰ্তী সময়ত অনিৰুদ্ধ গণেশে পুনৰ ই-মেইল পঠিয়াই নিজৰ সমস্যাটো ফক্সৱেগেন মেনেজমেণ্টক অৱগত কৰাত কোম্পানীয়ে ৫ হাজাৰ টকাতে বিষয়টো নিষ্পত্তি কৰে।

কিন্তু ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে অনিৰুদ্ধ গণেশৰ পোষ্টটো।