অসমীয়াৰাষ্ট্ৰীয়

আচৰিত! চুৰি কৰিবলৈ আহি গৃহস্থৰ ঘৰত কেক কাটি জন্মদিন পালন চোৰৰ, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ চুৰি কৰিবলৈ আহি চোৰ ধৰা পৰিলে ঔ কিল খোৱা আমি সকলোৱে শুনিছো। কিন্তু, গৃহস্থৰ হাতত ধৰা পৰি চোৰে কেক কাটি জন্মদিন পালন কৰাৰ ঘটনা হয়তো আপুনি কাহানিও শুনা নাই।

কিন্তু এনে এক ঘটনা সংঘটিত হৈছে ৰাজধানী চহৰ দিল্লীত।

জানিব পৰা মতে, এটা পৰিয়ালত চুৰি কৰিবলৈ সোমাইছিল তিনিটা চোৰ। কিন্তু ঘৰৰ সা-সামগ্ৰী চুৰি কৰি থকাৰ সময়তে গৃহস্থৰ হাতত হাতে-লোটে ধৰা পৰে তিনি চোৰ। অৱশ্যে গৃহস্থৰ কবলৰ পৰা দুটা চোৰে পলায়ন কৰিবলৈ সক্ষম হয় যদিও আনজন আৱদ্ধ হৈ থাকি যায় গৃহস্থৰ হাততে।

thief

কম বয়সীয়া চোৰটোক গৃহস্থই সোধাপোছা কৰাত চোৰটোৱে কয় সেইদিনা তাৰ জন্মদিন। জন্মদিন উদযাপন কৰিবলৈ ধন নথকাৰ বাবেই দুই বন্ধুৰ সৈতে চুৰি কৰিবলৈ সোমাইছিল ঘৰটোত।

নাবালক চোৰটোৱে তাৰ দেউতাক সৰুতে ঢুকোৱা বুলি কান্দি কান্দি কোৱাৰ পিছতে গৃহস্থৰ দয়া ওপজে চোৰটোৰ ওপৰত। তাৰ পিছতে কেক কাটি চোৰটোৰ জন্মদিন উদযাপন কৰে গৃহস্থই।

অৱশ্যে পৰৱৰ্তী সময়ত চোৰটোক আৰক্ষীৰ হাতত চমজাই দিয়ে পৰিয়ালটোৱে। কিন্তু চোৰৰ সৈতে কেক কাটি জন্মদিন পালন কৰাৰ এটা ভিডিঅ’ ইতিমধ্য ভাইৰেল পৰিছে সামাজিক মাধ্যমত।