আকাশ মাৰ্গত বিমানৰ ভিতৰত কিয় আক্ৰমণৰ বলি হৈছিল অসমৰ যুৱক হুছেইন আহমেদ? জনালে সকলো…

নিউজ ডেস্কঃ কিছুদিন পূৰ্বে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল আকাশ মাৰ্গত বিমানৰ ভিতৰত এখন দুৰ্বাদল কাজিয়াৰ এটা ভিডিঅ’।

থাইলেণ্ডৰ পৰা কলকতা অভিমুখে উৰা মৰা থাই স্মাইলী এয়াৰৱেজৰ বিমানখনত দুই ভাৰতীয়ৰ মাজত সংঘটিত কাজিয়াই সৃষ্টি কৰিছিল প্ৰতিক্ৰিয়াৰ।

বিমানৰ ভিতৰত কোনো কথাক লৈ তৰ্কৰ সূত্ৰপাত হোৱাৰ পিছতে যুৱকৰ এটা দলে উপৰ্যুপৰি আক্ৰমণ চলাইছিল আন এজন ভাৰতীয় যুৱকজনক।

সেইদিনা যুৱকৰ দলবদ্ধ আক্ৰমণৰ বলি হৈছিল থাইলেণ্ড নিৱাসী অসমৰ যুৱক হুছেইন আহমেদ।

ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে এতিয়া সেই দিনটোৰ সম্পূৰ্ণ বৰ্ণনা কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসমৰ হুছেইন আহমেদে।

তেওঁ জানিবলৈ দিয়া মতে, সেইদিনা তেওঁ থাইলেণ্ডৰ পৰা বিমানযোগে উভতিছিল কলকতালৈ। তাৰ পৰা তেওঁ ঘৰলৈ অৰ্থাৎ অসমলৈ অহাৰ কথা।

থাই স্মাইলী এয়াৰৱেজৰ বিমানত উঠাৰ পিছত পিঠিৰ বিষৰ বাবে তেওঁ চিটটো সামান্য হেলনীয়া কৰি লৈছিল।

ইয়াৰ বাবে পিছফালে বহি অহা ভাৰতীয় যাত্ৰীজনৰ সৈতে তেওঁৰ কাজিয়াৰ সূত্ৰপাত ঘটে।

ব্যৱসায়িক কাৰণত বৰ্তমান থাইলেণ্ডত বাস কৰা হুছেইনে যাত্ৰাৰ সকলো নিয়ম পালন কৰি নিজৰ চিটত বহি থকা সময়তে তেওঁৰ সৈতে কাজিয়া কৰিবলৈ চিটৰ পৰা উঠি আহিছিল আনজন যাত্ৰী।

তাৰ পিছতে প্ৰথমে ৫ জনীয়া যুৱকৰ দলটোৱে আক্ৰমণ আৰম্ভ কৰে হুছেইনৰ ওপৰত। পিছত তেওঁৰ ওপৰত আক্ৰমণ কৰা লোকৰ সংখ্যা প্ৰায় ১০ জনেই হৈ পৰে।

অসমৰ যুৱক হুছেইন আহমেদে বিমান যাত্ৰাৰ সময়ত সন্মুখীন হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে এতিয়া ন্যায় বিচাৰিছে।

বিমানৰ ভিতৰত তেওঁৰ ওপৰত আক্ৰমণ কৰি সমগ্ৰ ভাৰতবাসীক লজ্জানত কৰা তথাকথিত সেই ভাৰতীয় যাত্ৰী কেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমযোগে অসম চৰকাৰ, ভাৰত চৰকাৰৰ ওচৰত আহ্বান জনাইছে হুছেইন আহমেদে।