অসমীয়াঅসম

আইজনী তই আলফালৈ যাব নালাগে, জে’লতে থাকঃ মেধাৱী ছাত্ৰী বৰ্ষাশ্ৰীৰ গ্ৰেপ্তাৰক লৈ আৰু কি ক’লে DGP ভাস্কৰজ্যোতি মহন্তই

নিউজ ডেস্কঃ এটা কবিতাৰ বাবেই বিগত দুমাহ ধৰি কাৰাবন্দী হৈ থকা মেধাৱী ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক মুকলি কৰি দিবলৈ বহুজনেই দাবী তুলিছে সামাজিক মাধ্যমত।

১৬ জুলাইত স্নাতক মহলাৰ দ্বিতীয় ষান্মাসিকৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে বৰ্ষাশ্ৰী। কিন্তু পৰীক্ষালৈ মাজত মাত্ৰ আৰু দুদিন থকাৰ পিছতো এতিয়াও কাৰাগাৰৰ কুঠৰীত আৱদ্ধ হৈ জামিনৰ বাবে অপেক্ষা কৰিছে বৰ্ষাশ্ৰীয়ে।

photo1657706656

উল্লেখ্য যে, যোৱা ১৮ মে’ত যোৰহাট আৰক্ষীয়ে আলফা স্বাধীনৰ সমৰ্থনত পোষ্ট কৰাৰ অপৰাধত বান্ধৱীৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল যোৰহাটৰ টীয়ক থানাৰ অন্তৰ্গত এজাৰগুৰিৰ নিৱাসী তথা ডিচিবি কলেজৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক।

photo1657706534

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বৰ্ষাশ্ৰীৰ এটা বৈপ্লবিক চেতনাৰ কবিতা। এই কবিতাটোৰ বাবেই বৰ্ষাশ্ৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি চৰ্চা চলিছে সামাজিক মাধ্যমত।

সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে কোনো কবিতা লিখাৰ বাবে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

photo1657713048

বৰং নিজে আলফা স্বাধীনত যোগ দিম বুলি লিখা বাবে আৰু আনকো আলফা স্বাধীনত যোগদানৰ বাবে প্ৰৰোচিত কৰাৰ বাবেহে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মন্তব্য কৰে ডিজিপি ভাস্কৰজ্যোতি মহন্তই।

তেওঁ কয়, ‘কবিতা লিখাটো বেয়া নহয়। ময়ো কবিতা লিখো। কিন্তু বৰ্ষাশ্ৰীক আলফালৈ যাম বুলি লিখা কাৰণেহে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ নিজেতো যায়েই, আনকো বোলে হেনো লৈ যায়। গতিকে আইজনী তই আলফালৈ যাবগৈ নালাগে, জে’লতে থাক।’

লগতে চাওকঃ

কাৰাবন্দী বৰ্ষাশ্ৰী বুঢ়াগােঁহাইৰ মুক্তিৰ চৰ্ত কি? ক’লে মুখ্যমন্ত্ৰীয়ে…

himanta barsha

এটা কবিতাই কালসন্ধ্যা নমাই আনিলে বৰ্ষাশ্ৰীৰ জীৱনলৈ! পৰীক্ষালৈ মাজত মাত্ৰ আৰু দুদিন, কিন্তু যোৱা দুমাহ ধৰি কাৰাবন্দী মেধাৱী ছাত্ৰীগৰাকী

barsasree