অৱশেষত পূৰ্ণাংগ জামিন লাভ কৰিবলৈ সক্ষম হ’ল ভিক্টৰ দাসে…

পূৰ্ণাংগ জামিন লাভ কৰিবলৈ সক্ষম হ’ল ভিক্টৰ দাসে।

গোচৰৰ কেচ ডায়েৰী চাই ভিক্টৰ দাসক জামিন প্ৰদান কৰে উচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে, ১৬ ছেপ্টেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল ভিক্টৰ দাসক।

২৯ ছেপ্টেম্বৰলৈ প্ৰদান কৰা হৈছিল এই অন্তৱৰ্তীকালীন জামিন।

তাৰ পিছতে শুকুৰবাৰে ভিক্টৰৰ পূৰ্ণাংগ জামিন সন্দৰ্ভত শুনানি গ্ৰহণ কৰে আদালতে।

শুনানিকালত কেচ ডায়েৰী কোনো তথ্য লাভ নকৰা বুলি উল্লেখ কৰে আদালতে।

আনহাতে ভিক্টৰৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰা ১৫৩ (এ) প্ৰযোজ্য নহয় বুলি ভিক্টৰ দাসৰ অধিবক্তাই দিয়া যুক্তিত পতিয়ন কৈ পূৰ্ণাংগ জামিন প্ৰদান কৰে উচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে, অসম চৰকাৰৰ ২৬ হাজাৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন চলাৰ অভিযোগ তুলিছিল ভিক্টৰ দাসে।

কিন্তু ভিক্টৰে এই অভিযোগৰ কোনো তথ্য প্ৰদান কৰিব নোৱাৰা বুলি দাবী কৰি উৰাবাতৰি আৰু ধৰ্মীয় বিষবাষ্প বিয়পোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ভিক্টৰ দাসক।

অৱশ্যে ৭ দিনৰ আৰক্ষী জিম্মাৰ পিছত অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল ভিক্টৰে।

কিন্তু জামিন লাভৰ পিছতে তেওঁক নিলম্বন কৰা হৈছিল টেট শিক্ষকৰ চাকৰিৰ পৰা।