অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ ৰাজ্যপালক অতিৰিক্ত দায়িত্ব প্ৰদান…

অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ ৰাজ্যপালক অতিৰিক্ত দায়িত্ব প্ৰদান।

অৰুণাচলৰ ৰাজ্যপাল বিগ্ৰেডিয়াৰ বি ডি মিশ্ৰা আৰু ছিকিমৰ ৰাজ্যপাল গংগা প্ৰসাদক অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে।

ৰাষ্ট্ৰপতি ভৱনৰ এক বিজ্ঞপ্তি অনুসৰি অৰুণাচলৰ ৰাজ্যপাল বিগ্ৰেডিয়াৰ বি ডি মিশ্ৰাক (অৱসৰপ্ৰাপ্ত) মিজোৰামৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে।

আনহাতে ছিকিমৰ ৰাজ্যপাল গংগা প্ৰসাদক মণিপুৰৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে।

অৰুণাচলৰ ৰাজ্যপাল বি ডি মিশ্ৰাই নিজৰ দায়িত্বৰ উপৰিও মিজোৰামৰ হৰি বাবু কামবামপতিৰ কাম-কাজ কৰাৰ লগতে তেওঁৰ অনুপস্থিতিৰ সময়ত সকলো দায়িত্ব পালন কৰিব।

আনহাতে মণিপুৰৰ ৰাজ্যপাল ড০ নাজমা এ হেপতুল্লাৰ অনুপস্থিতিৰ সময়ত ছিকিমৰ ৰাজ্যপাল গংগা প্ৰসাদক কাৰ্যসম্পাদনৰ বাবে নিযুক্ত কৰা হৈছে।

Leave a Comment