অহা ৭ মাৰ্চত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব কনৰাড চাংমাই! বিজেপিৰে হ’ব মিত্ৰতা…

নিউজ ডেস্কঃ অহা ৭ মাৰ্চত দ্বিতীয়টো কাৰ্যকালৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব কনৰাড চাংমাই।

বৃহস্পতিবাৰে ঘোষণা হোৱা নিৰ্বাচনৰ ফলাফলত ২৬ খন আসনেৰে জয়লাভ কৰাৰ পিছত বিজেপি, এইচএছপিডিপি, পিডিএফ, আইএনডিৰ সহযোগত চৰকাৰ গঠন কৰিব এনপিপিয়ে।

ইতিমধ্যে শুকুৰবাৰে ৰাজ্যপাল ফাগু চৌহানৰ হাতত মুখ্যমন্ত্ৰীৰ পদত্যাগ পত্ৰ অৰ্পণ কৰি চৰকাৰ গঠনৰ প্ৰস্তাৱ দাখিল কৰিছে চাংমাই।

উল্লেখ্য যে, সদ্য ঘোষিত মেঘালয় বিধানসভা নিৰ্বাচনত কনৰাড চাংমা নেতৃত্বাধীন এনপিপিয়ে ২৬ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপি, এইচএছপিডিপি, পিডিএফ আৰু আইএনডিয়ে দুখনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে।

আনহাতে ৰাজ্যখনত এইবাৰ কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে লাভ কৰিছে ৫ খনকৈ আসন।

৬০ জনীয়া মেঘালয় বিধানসভাত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ৩১ খন আসনৰ।

যাৰ বাবে বিজেপিকে ধৰি আন দলৰ সৈতে মিত্ৰতাৰ পুনৰ এবাৰ চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে কনৰাড চাংমাই।