অসমঅসমীয়া

অহা ৭ জুনত ঘােষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল

নিউজ ডেস্ক। অহা ৭ জুনত ঘােষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) ৰ ফলাফল।

এই কথা ঘােষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

শুকুৰবাৰে টুইটাৰৰ জৰিয়তে এই কথা ঘােষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ দিন ঘােষণাৰ বাবে কিছুদিন পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাই ছেবা কৰ্তৃপক্ষক সাক্ষাৎ কৰিছিল।

ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই শিক্ষাৰ্থীসকলৰ কথা চিন্তা কৰিয়েই বিভাগীয় কৰ্তৃপক্ষই অতি শীঘ্ৰে পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ অনুৰোধ জনাইছিল ছেবা কৰ্তৃপক্ষক।

এই সাক্ষাতত ছেবা কৰ্তৃপক্ষই আছু নেতৃত্বক অচিৰেই ফলাফল ঘােষণা কৰাৰ আশ্বাস প্ৰদান কৰিছিল।

উল্লেখ্য যে ১৫ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে অফলাইনযোগে চলা এইবাৰৰ মেট্ৰিক পৰীক্ষাত প্ৰায় ৪ লাখ শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *