অসহনীয়! প্ৰচণ্ড জাৰে মৃত্যু মাতি আনিলে ২ মগনীয়ালৈ, ৰে’লৱে প্লেটফৰ্মত উদ্ধাৰ মৃতদেহ…

নিউজ ডেস্কঃ হাড় কঁপোৱা জাৰে গিলিছে সমগ্ৰ দেশ!

কুঁৱলীৰ শুভ্ৰ আচ্ছাদন আৰু প্ৰচণ্ড শীতে কাৰোবাৰ বাবে ৰোমাঞ্চকৰ মুহূৰ্ত কঢ়িয়াই আনিলে এই দেশৰ কোটি কোটি জনতাৰ বাবে এই জাৰৰ দিনবোৰ যেন অভিশাপ!

গৃহহাৰা, বস্ত্ৰহাৰা কোটি কোটি ভাৰতীয়ই শীতৰ দিনবোৰত কেৱল সপোন দেখে এখন চালি, এখন কাপোৰৰ।

এনে প্ৰচণ্ড শীতেই প্ৰাণ কাঢ়ি লৈ গ’ল লামডিং জংচনত ভীক্ষা মাগি খোৱা এগৰাকী মহিলা আৰু এজন পুৰুষৰ।

প্ৰচণ্ড জাৰৰ বাবেই কঁপি কঁপি ৰে’লৱে প্লেটফৰ্মতে মৃত্যুক সাৱটি লয় মগনীয়া দুগৰাকীয়ে।

বৃহস্পতিবাৰে পুৱা প্লেটফৰ্মত পুৰুষ-মহিলা হালৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে শোকাহত হৈ পৰিছে হৃদয়বান প্ৰতিজন লোক।

জানিব পৰা মতে, দীৰ্ঘ দিনৰে পৰাই লামডিং জংচনত ভীক্ষা মাগি জীৱন নিৰ্বাহ কৰিছিল মগনীয়া দুগৰাকীয়ে।

ৰে’ল যাত্ৰীয়ে দি যোৱা এটকা, দুটকাৰে তেওঁলোকে পেটৰ ভাতমুঠি কেনেবাকৈ যোগাৰ কৰিলেও জিৰাবলৈ নাছিল এখন চালি অথবা গাত ল’বলৈ নাছিল এখন গৰম কাপোৰ।

দিনটো ভীক্ষা মাগি ৰাতি হ’লে প্লেটফৰ্মতে শুই পৰা মগনীয়া দুগৰাকীৰ শৰীৰে জাৰৰ প্ৰকোপ আৰু সহিব নোৱাৰিলে।

প্ৰচণ্ড ঠাণ্ডাত দুয়োজনেই ব্যস্ত জংচনৰ নিতাল প্লেটফৰ্মত মৃত্যুক সাৱটি লয়।